আঞ্চলিক সংবাদ

August 6, 2025 1:28 PM

views 13

পথচাৰীৰ সুবিধার্থে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ পাঁচটা স্থানত হ’ব ফুটব্রীজ

পথচাৰীৰ সুবিধার্থে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ পাঁচটা স্থানত ফুটব্রীজ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত এই কথা সদৰি কৰে। পথচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত ১৮ কিলোমিটাৰ পথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা ...

August 6, 2025 1:25 PM

views 19

ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন পত্ৰ বিতৰণ

উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ত আজি ৰাজ্যৰ বিভিন্ন স্থানত আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্ৰী ড...

August 6, 2025 1:13 PM

views 9

ৰাজ্যৰ খৰাং পৰিস্থিতি জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ’বঃ জলসিঞ্চন মন্ত্রী অশোক সিংহল

ৰাজ্যৰ খৰাং পৰিস্থিতি জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি জলসিঞ্চন মন্ত্রী অশোক সিংহলে প্ৰকাশ কৰিছে। কালি যোৰহাট জিলাৰ বাহগুৰি-ছগুৰি এলেকাৰ জলসিঞ্চন প্ৰকল্পটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কৃষকসকল উপকৃত হোৱাকৈ জলসিঞ্চন প্রকল্প লোৱা হ'ব বুলি ঘোষণা কৰে৷ স্বা...

August 6, 2025 1:05 PM

views 10

উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা ৭৫টা পৰিয়ালক ১৪ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ

উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫টা পৰিয়ালক সাময়িক সকাহ প্রদান কৰিছে। উচ্চ ন্যায়ালয়ে এখন আবেদনৰ শুনানি লৈ এই পৰিয়ালকেইটাক ১০ দিনৰ সময় প্ৰদান কৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা ১৪ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ নির্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে লগতে গু...

August 5, 2025 8:13 PM

views 59

যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ

যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নতি কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই আজি এ-ডিভিজন ফুটবল লীগত অংশগ্ৰহণ কৰা জিলাখনৰ দহটা দলক ফুটবল প্ৰদান কৰে। ইয়াৰ লগতে জিলাখনৰ দহটা উপ-ক্ৰীড়া সন্থাকো ফুটবল প্ৰদান কৰ...

August 5, 2025 8:10 PM

views 16

মৰিগাঁওত বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহৰ বাবে কমিউনিটি নাৰ্ছাৰী শীৰ্ষক পদক্ষেপ

মৰিগাঁও জিলা কৃষি বিভাগে জিলাখনৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে কমিউনিটি নাৰ্ছাৰী শীৰ্ষক পদক্ষেপৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বিভাগে সমূহীয়া কঠীয়াতলী প্ৰস্তুত কৰা উন্নত জাত কঠীয়া আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ২০২৫-২৬ৰ অধীনত গছৰ গুৰি কৃষি উন্নয়ন চক্ৰৰ অধীনৰ উদৰিৰ ভ...

August 5, 2025 8:08 PM

views 32

কাছাৰৰ দুটা স্থানত প্ৰায় ৭ কোটি টকাৰ মাদকদ্ৰব্য উদ্ধাৰ

কাছাৰ জিলা আৰক্ষীয়ে চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জিলাখনৰ দুটা স্থানত প্ৰায় ৭ কোটি টকাৰ মাদকদ্ৰব্য উদ্ধাৰ কৰাৰ লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। শিলচৰ থানাৰ অন্তৰ্গত সোণাবাৰীঘাট অঞ্চলত চলোৱা প্ৰথমটো অভিযানত আৰক্ষীয়ে ১৮ টা চাবোনৰ বাকচত সৰবৰাহকাৰীয়ে লুকুৱাই ৰখা প্ৰায় ২১৬ গ্ৰাম হেৰ’...

August 5, 2025 8:05 PM

views 28

ছয়গাঁৱত আজি পীযুষ হাজৰিকাৰ কলহী নৈৰ খহনীয়া পৰিদৰ্শন

কামৰূপ জিলাৰ ছয়গাঁৱত আজি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কলহী নৈৰ খহনীয়া পৰিদৰ্শন কৰে। সম্প্ৰতি খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰা অঞ্চলটোৰ পটুৰিখাট, কটহী আৰু মাকেলি গাঁও পৰিদৰ্শন কৰি খহনীয়া সমস্যা সমাধানৰ বাবে স্থায়ী পদক্ষেপ গ্রহণ কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈ...

August 5, 2025 7:24 PM

views 21

নেঘেৰিবিলৰ দখলিকৃত ভূমি সন্দৰ্ভত নগাবস্তিৰ কাউন্সিলৰ মন্তব্যৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ তীব্র প্রতিক্রিয়া

গোলাঘাট জিলাৰ মেৰাপানীৰ নেঘেৰিবিলৰ দখলিকৃত ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ পাছতে অঞ্চলটোৰ ভূমি নগাসকলৰ বুলি সীমান্তৰ তিনিখন নগাবস্তিৰ কাউন্সিলে মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। কালি নগালেণ্ডৰ একাংশ লোকে সৰুপথাৰৰ গেলাজান আৰু ২ নম্বৰ ৰজাপুখুৰী তেওঁলোকৰ বুলি ...

August 5, 2025 7:22 PM

views 22

পশ্চিম কাৰ্বি আংলঙত নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযান

পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আয়ুক্ত সাৰংগপানি শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভিন্ন সমাজ উন্নয়নমূলক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সন্মান যচা হয়। তাৰোপৰি আমৰি, চচেং আৰু ৰংখাং খণ্ড বিষয়া কার্যা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।