আঞ্চলিক সংবাদ

July 8, 2025 7:53 PM July 8, 2025 7:53 PM

views 4

ধুবুৰীৰ উচ্ছেদ কার্য প্রায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰত প্রশাসনে চলোৱা উচ্ছেদ কার্য প্রায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ গোৰেশ্বৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে তেওঁৰ চৰকাৰ ৰাজ্যখনৰ ভূমিৰ দখল মুক্ত কৰিবলৈ বদ্ধপৰিকৰ আৰু চা...

July 8, 2025 7:46 PM July 8, 2025 7:46 PM

views 10

ধুবুৰীৰ কেইবাটাও অঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ধুবুৰী জিলা প্ৰশাসনে আজি চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰৰ লগতে আন কেইবাটাও অঞ্চলত উচ্ছেদ অভিযান চলায়। তাপবিদ্যুৎ প্রকল্প নিমাৰ্ণৰ বাবে ৰাজ্য চৰকাৰে আৱণ্টন কৰা প্ৰায় ৩ হাজাৰ ৪০০ বিঘা ভূমিত থকা এহেজাৰ ৬৯টা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰে। সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধসামৰিক...

July 7, 2025 8:10 PM July 7, 2025 8:10 PM

views 3

নাগালেণ্ডৰ বানত বিদ্যুৎস্পৃষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু হয়। ডিমাপুৰৰ কুড়াগাঁৱৰ এটা জলমগ্ন আৰক্ষী আৱাসত কালি এটা ইনভাৰ্টাৰত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। ৰাজ্যখনত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল প্লাৱিত ...

July 7, 2025 8:07 PM July 7, 2025 8:07 PM

views 4

শেহতীয়া বানৰ কবলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল

গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল শেহতীয়াকৈ বানৰ কবলত পৰিছে। জিলাখনৰ সৰুপথাৰ, খুমটাই, নুমলীগড়, মৰঙীকে ধৰি দুকুৰিৰো অধিক গাঁও জলমগ্ন হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। আজি বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ অঞ্চলৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বু...

July 7, 2025 7:59 PM July 7, 2025 7:59 PM

views 7

অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা প্ৰকল্পৰ প্রতিবেদনত অনুমোদন উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ

উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা প্ৰকল্পৰ বিস্তৃত প্ৰকল্প প্রতিবেদনত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ আন্তঃমন্ত্ৰালয় সমিতিৰ ৫৭ সংখ্যক বৈঠকত এই অনুমোদন জনোৱা হয়। এই প্রকল্পসমূহৰ বাবে ১২৩ কোটি ৮৪ লাখ টকা ব্যয় কৰা হ'ব। এই প...

July 7, 2025 7:57 PM July 7, 2025 7:57 PM

views 25

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বি টি আৰৰ পৰ্যটন বিভাগে আলোচনা কৰিছে। আজি উদ্যানৰ দাঁতিকাষৰীয়া গোলাগাঁও গ্রীণ ভিলেজত আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰি বি টি আৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য...

July 7, 2025 7:53 PM July 7, 2025 7:53 PM

views 11

অহা ছেপ্তেম্বৰত শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ কাম আৰম্ভ

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে'লৰ দলং নিৰ্মাণৰ কাম অহা ছেপ্তেম্বৰত আৰম্ভ হ'ব। দুখলপীয়া ৰে'লৰ দলংখনত দ্বৈত ৰে'লপথ আৰু তিনিটা লেনযুক্ত পথ থাকিব। ৰে'ল বিভাগে ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই কাম সম্পাত হোৱাৰ পাছতে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি উত্তৰ-পূব সীমান্ত ৰে'ল...

July 7, 2025 7:51 PM July 7, 2025 7:51 PM

views 6

সামুদ্রিক খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক- যুৱতীসকলক কৰ্মসংস্থাপনৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ

উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ সুদৃঢ় কৰাৰ উপৰি সামুদ্রিক খণ্ডত অঞ্চলটোৰ যুৱক- যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰি কয়, যে ডিব্ৰুগড়ত স্থাপন...

July 7, 2025 7:27 PM July 7, 2025 7:27 PM

views 5

ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত উদয়াদিত্য ভৰালীৰ শেষকৃত্য সম্পন্ন

প্রসিদ্ধ বুৰঞ্জীবিদ, পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ শেষকৃত্য আজি ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। ইয়াৰ আগেয়ে আজি পুৱা দক্ষিণ শৰণীয়াৰ বাসগৃহৰ পৰা শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহ কটন বিশ্ববিদ্যালয়ৰ চৌহদলৈ নিয়া হয়। বিশ্ববিদ্যালয় চৌহদত ...

July 7, 2025 7:33 PM July 7, 2025 7:33 PM

views 6

ৰাজ্য চৰকাৰৰ উদ্যোগত ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ আজি সামৰণি উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰৰ পৰা সজাগতা সমদল উলিওৱা হয়। সমদলত অংশ লোৱা লোকসকলে ৰাষ্ট্ৰীয় উদ্যানখন আৰু জৈৱ-...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।