আঞ্চলিক সংবাদ

August 9, 2025 11:04 PM

views 19

৫১ সংখ্যৰ জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতাত ১০টা পদকেৰে অসমৰ সপ্তম স্থান

অসমে ৫১ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জল ক্রীড়া প্রতিযোগিতাত ১০ টা পদকেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সপ্তম স্থান লাভ কৰিছে। এই প্রতিযোগিতাত অসমৰ তীৰ্থাংক পেগুৱে ল'ৰাৰ গ্ৰুপ ৱানৰ ২০০ মিটাৰ বাটাৰফ্লাইত আৰু প্ৰয়াস গগৈয়ে ল'ৰাৰ গ্ৰুপ টুৰ ৫০ মিটাৰ FREE STYLE শিতানত সোণৰ পদক লাভ কৰিছে। জ্ঞানদীপ বৰগোহাঁয়ে ল'ৰাৰ গ্...

August 9, 2025 11:01 PM

views 14

গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত সাংবাদিক কমলা শ‍ইকীয়া স্মাৰক বক্তৃতানুষ্ঠান

সাংবাদিক কমলা শ‍ইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শ‍ইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত যশস্বী সাংবাদিক, লেখক, মানৱ...

August 9, 2025 10:57 PM

views 12

গুৱাহাটীত আজিৰ পৰা ২১ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী

গুৱাহাটীত আজিৰ পৰা ২১ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত হস্ত নির্মিত শিল্প কর্ম, জনগোষ্ঠীয় বস্ত্ৰশিল্প, জৈৱিকভাৱে উৎপাদিত সামগ্রী প্রদর্শন আৰু মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কালি ভাৰতীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ...

August 9, 2025 10:54 PM

views 16

ধেমাজি জিলাত নির্মীয়মান সংহত ক্রীড়া প্ৰকল্প পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ধেমাজি জিলাত নির্মীয়মান সংহত ক্রীড়া প্ৰকল্পটো আজি মন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, অসম ক্রিকেট সংস্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে ক্রিকেট সন্থাৰ প্ৰতিনিধি আৰু কাৰিকৰী দল এই পৰিদৰ্শন কালত উপস্থিত থাকে। তেওঁলোকে প্ৰকল্পটোত নতুনকৈ নিৰ্মা...

August 9, 2025 10:35 PM

views 18

বিশ্ব সংস্কৃত দিৱস উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। শাওণৰ পৱিত্ৰ পূৰ্ণিমা তিথিত পালন কৰা সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি যোৱা এটা দশকত জনসাধাৰণৰ মাজত সংস্কৃত ভাষাক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বিভিন্ন কাম হাতত লৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এট...

August 9, 2025 10:30 PM

views 14

বজালী সংস্কৃত পৰিষদৰ উদ্যোগত সংস্কৃত দিৱস উদযাপন

বজালী সংস্কৃত পৰিষদৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে সংস্কৃত দিৱস উদযাপন কৰা হৈছে। পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গনত পৰিষদৰ অধ্যক্ষ ড০ খগেন্দ্ৰ নাথ দেৱশৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত আজি গণকপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক ভৱেশ চন্দ্ৰ শৰ্মাক সম্বৰ্দ্ধনা জনো...

August 9, 2025 10:18 PM

views 24

পবিতৰা অভয়াৰণ্যত বন বিভাগৰ উদ্যোগত বিষাক্ত পার্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান

পবিতৰা অভয়াৰণ্যত আজি বন বিভাগৰ উদ্যোগত বিষাক্ত পার্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান আৰম্ভ কৰা হয়। আজি প্ৰথম দিনা অভয়াৰণ্যখনৰ বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী বনকর্মীয়ে এই অভিযানত অংশ লৈ প্ৰায় ৫ দশমিক ২ হেক্টৰ এলেকাত এই ঘাঁহবিধ নষ্ট কৰে ৷ কাইলৈ দলটোৱে পবিতৰা জীপ চাফাৰি সংস্থাৰ সৈ...

August 9, 2025 10:14 PM

views 9

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপন অভিযান

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে সোণাৰি বিলত বন বিভাগৰ উদ্যোগত আজিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য যে যোৱা ৩০ জুলাইৰ...

August 9, 2025 10:00 PM

views 15

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্রধানমন্ত্ৰীৰ উপস্থিতিত অহা নৱেম্বৰত ১১ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰফালে ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগৰুম্বা পৰিবেশন কৰিব । ১০ হাজাৰ মহিলা নৃত্যশিল্পী আৰু এহেজাৰ পুৰুষ বাদ্যশিল্পীয়ে পৰিবেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগৰুম্বা দ’হৌ ৰূপে ...

August 9, 2025 9:54 PM

views 17

অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকললৈ ৰন্ধন গেছ ক্ৰয়ৰ নামত ২৫০ টকাকৈ

অহা জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকলে ৰন্ধন গেছ ক্ৰয়ৰ নামত ২৫০ টকাকৈ লাভ কৰিব। তামুলপুৰ জিলাৰ বাগানপাৰাত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে নিৰ্বাচনৰ পাছত বি টি আৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সকলো ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।