আঞ্চলিক সংবাদ

August 9, 2025 9:49 PM

views 17

ৰাজ্যজুৰি ভাতৃ-ভগ্নীৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন আজি দেশজুৰি পালন কৰা হৈছে। এই উপলক্ষে ভগ্নীসকলে পৰম্পৰাগত ৰীতি অনুসৰি ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীসকলৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে স্নেহৰ চিনস্বৰূপে উপহাৰ আগবঢ়ায়...

August 9, 2025 12:24 PM

views 20

উৰিয়ামঘাটৰ উচ্ছেদৰ পিছত আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তি পদক্ষেপ হিচাপে আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেউজ বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং ব...

August 9, 2025 12:22 PM

views 27

নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰৰ বিভিন্ন পৰিকল্পনা গ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গৃহমন্ত্ৰীগৰাকীয়ে অহা ২৯ আগষ্টত গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শ্ৰী শ্বাহে এন ডি এৰ পঞ্চা...

August 9, 2025 12:20 PM

views 15

কাজিৰঙাত পৰ্যটক কঢি়ওৱা হাতীসহ মুঠ ৭২টা বিভাগীয় পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন বন শিবিৰত উদ্যানৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰু পৰ্যটক কঢি়ওৱা হাতীসহ মুঠ ৭২টা বিভাগীয় পোহনীয়া হাতীৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশু চিকিৎসা বিষয়াৰ নেতৃত্বত বন্য প্ৰাণী উদ্ধাৰ আ...

August 9, 2025 12:18 PM

views 28

গুৱাহাটীত আজি সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠান

সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ন্যাসৰ উপ সভাপতি সঞ্জীৱ ফুকনে কয়, যে আজি কমলা শইকীয়া ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীত যশস্বী সাংবাদিক, লেখক, গৱেষক, মানৱাধিকাৰ প্...

August 9, 2025 12:16 PM

views 33

বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি পদ প্ৰাদেশিকীকৰণ হোৱা স্বত্বেও নিয়মীয়া দৰমহা লাভৰ পৰা বঞ্চিত বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এখন লেখ আৱেদনৰ শুনানিৰ অন্তত জাৰি কৰা ...

August 9, 2025 12:14 PM

views 21

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সভা অনুষ্ঠিত

 ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূৰ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কালি এখন সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী বিষয়া, সামৰিক আৰু অৰ্ধসামৰিক বাহনীৰ বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্ততি...

August 9, 2025 12:07 PM

views 39

আকাশবাণীৰ দৃষ্টিপাতত আজি স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। এই আলোচনাত ক...

August 9, 2025 12:04 PM

views 9

দেশৰ মুঠ ৪৬ টা প্ৰকল্প অসুৰক্ষিত আৰু বিপজ্জনক বুলি শ্ৰীপদ নায়কৰ প্ৰকাশ

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি দেশৰ মুঠ ৪৬ টা প্ৰকল্প অসুৰক্ষিত তথা বিপজ্জনক বুলি শক্তি মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ নায়কে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ উত্তৰত শ্ৰী নায়কে কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ উদ্ধৃতিৰে কয়, যে সাগৰ পৃষ্ঠৰ পৰা এহেজাৰ ৫০০ মিটাৰ উচ্চতাত অৱস্থান কৰা যিকোনো অবব...

August 9, 2025 12:02 PM

views 16

৪ হাজাৰ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত ৪ হেজাৰ ২৫০ কোটি টকা আৱণ্টনত অনুমোদন জনাইছে। ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিমৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে চাৰি হাজাৰ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত অনুমোদন জনায়। ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।