আঞ্চলিক সংবাদ

July 14, 2025 6:38 PM July 14, 2025 6:38 PM

views 32

গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত

ৰাজ্যৰ প্ৰথম আৰু শ্ৰেষ্ঠ পৰিষ্কাৰ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত বঙাইগাঁও শোধনাগাৰৰ এটা দলে যোৱা ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত কৰিছে। পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে এই অভিযানৰ আয়োজন কৰা হৈছে। আজি বঙাইগাঁও শোধনাগাৰৰ দুগৰাকী বিষয়াসহ কৰ্মচাৰীৰ এটা দলে গাঁওখনত উপস্থিত হৈ সজাগতা স...

July 14, 2025 6:35 PM July 14, 2025 6:35 PM

views 1

মানকাচৰ জিলাৰ সোণাপুৰত মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫০ হাজাৰটা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবীয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্ল...

July 14, 2025 7:44 PM July 14, 2025 7:44 PM

views 29

বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এবছুৰ স্মাৰক পত্ৰ দাখিল

নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা- এবছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক দুখন স্মাৰক পত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নির্বাচন আয়োগক দাখিল কৰা স্মাৰক পত্ৰত বিটিচিৰ ভোটাৰ তালিকা অসম...

July 14, 2025 6:30 PM July 14, 2025 6:30 PM

views 4

আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত অজিত কুমাৰ ভূঞাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰিৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সেই অনুসৰি আজি অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়...

July 14, 2025 6:50 PM July 14, 2025 6:50 PM

views 18

দিছপুৰৰ লোকসেৱা ভৱনত স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্তেম্বৰত হ’বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৮ বছৰ অনূর্ধ ল'ৰা-ছোৱালীৰ বাবে ৰাজ্যজুৰি ...

July 14, 2025 11:03 AM July 14, 2025 11:03 AM

views 1

জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত

● জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত কালি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ভৱিষ্যৎ মন্থন আৰু স্বতন্তৰীয়া বিকাশৰ ৰূপৰেখা নিৰ্ণয় সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিৰ...

July 14, 2025 10:59 AM July 14, 2025 10:59 AM

views 10

উত্তৰ গুৱাহাটীৰ ৰংমহল অগ্নিকাণ্ডত সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত

● যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰংমহল নাজিৰাখাটত সংঘটিত অগ্নিকাণ্ডত এখন সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। টংকেশ্বৰ দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত তেওঁৰ লগতে পৰিয়ালৰ লোকসকল শুই আছিল। অৱশ্যে এই অগ্নিকাণ্ডত পৰিয়ালটোৰ সদস্যসকল কথমপি ৰক্ষা পৰে। ছৰ্টছাৰ্কিট...

July 14, 2025 10:51 AM July 14, 2025 10:51 AM

views 7

হোজাইৰ কাকীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত নাট মঞ্চস্থ

■ হোজাইৰ এক নম্বৰ কাকী তিনি নম্বৰ গাঁৱৰ দ' ব্লকৰ নাট্যচৰাত যোৱা নিশা হোজাই জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত এখন নাট মঞ্চস্থ হয়। নাট্যকাৰ চম্পক শৰ্মাৰ মন তই নাকান্দিৰি শীৰ্ষক নাটখনি প্ৰবীন শ‍ইকীয়াই পৰিচালনা কৰে। স্থানীয় শিল্পীয়ে অভিনয় কৰা নাটখন উ...

July 14, 2025 10:46 AM July 14, 2025 10:46 AM

views 5

যোৰহাটৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টি...

July 14, 2025 10:41 AM July 14, 2025 10:41 AM

views 15

তামুলপুৰত জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ

● বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কালি সন্ধিয়া তামুলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক ব...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।