আঞ্চলিক সংবাদ

August 12, 2025 11:31 AM

views 7

গুৱাহাটী মহানগৰীৰ চাৰিটা স্থানত উচ্ছেদ চলোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰীখনৰ চাৰিখন গাঁৱত উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি কৰিছে। জালুকবাৰী বন সংমণ্ডলৰ অধীনৰ চাৰিখন গাঁও তালাপানী, গাঁওবস্তি, বৰাগাঁও আৰু কটাহবাৰীৰ বাবে এই আদেশ প্রযোজ্য হ'ব। উল্লেখযোগ্য যে অঞ্চলটোত বসবাস কৰা লোকসকলে এই উচ্ছেদৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়...

August 11, 2025 9:23 PM

views 23

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছত ভাৰতৰ মহিলা উশ্বু খেলুৱৈ নম্রতা বাট্টা ফাইনেল

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছ ২০২৫ত ভাৰতৰ মহিলা উশ্বু খেলুৱৈ নম্রতা বাট্টাই ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছে। নম্ৰতাই ফিলিপিনছৰ ক্ৰিজান ফেইথ কোল্লাদ'ক ২-০ ফলাফলত পৰাস্ত কৰি বিশ্ব গেমছৰ উশ্বুত ভাৰতৰ বাবে পোনপ্ৰথমটো পদক নিশ্চিত কৰে। এই জয়ৰ লগে লগে নম্রতাই ৰূপৰ পদক লাভ কৰাটো খ...

August 11, 2025 9:16 PM

views 10

মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়ক, মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫ত ৰাজ্যসভাৰ অনুমোদন

ৰাজ্যসভাই আজি মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়কৰ লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনায়। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে আজি বিৰোধী সাংসদসকলে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ শোভাযাত্ৰা উলিওৱা ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বিষয়টো উচ্চ ...

August 11, 2025 9:15 PM

views 10

লোকসভাত কৰ আৰোপন সংশোধনী বিধেয়ক ২০২৫ আৰু সংশোধিত আয়কৰ বিধেয়ক ২০২৫ মৌখিক ভোটত গৃহীত

লোকসভাই আজি কৰ আৰোপন সংশোধনী বিধেয়ক ২০২৫ আৰু সংশোধিত আয়কৰ বিধেয়ক ২০২৫ মৌখিক ভোটত গৃহীত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজতে বিধেয়ককেইখন সদনত উত্থাপন কৰে। আয়কৰ বিধেয়ক ২০২৫ ৰ মূল উদ্দ...

August 11, 2025 8:46 PM

views 13

ধেমাজিত হত্যাৰ গোচৰৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা হত্যাৰ গোচৰৰ ৰায়দান কৰি এজন দোষীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে। ধেমাজি থানাত পঞ্জীয়ন হোৱা গোচৰটোৰ ৰায়দান কৰি আদালতে লোকজনক দোষী সাব্যস্ত কৰি এই শাস্তি প্ৰদান কৰে। লোকজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হয় বুলি ধেমাজি আদালতৰ চৰকাৰী অধিবক্তাই জানিবল...

August 11, 2025 8:43 PM

views 13

নগাঁও জিলাৰ পঞ্চায়ত প্ৰতিনিধি, পৌৰ প্ৰশাসনৰ বিষয়ববীয়াৰে অসম ৰাজ্যিক বিত্তীয় আয়োগৰ বৈঠক

অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ ৰাণা প্রতাপ কলিতাৰ নেতৃত্বত এটা দলে আজি নগাঁও জিলাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে পৌৰ প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ সদস্য হেমন্ত কুমাৰ দেউৰীয়ে ...

August 11, 2025 8:42 PM

views 10

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন চিকিৎসা সামগ্ৰী, মেচিনকে ধৰি সা-সঁজুলি নষ্ট দুৰ্বৃত্তৰ

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা নিশা এটা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি উপদ্ৰব চলোৱাৰ লগতে বিভিন্ন আচবাব নষ্ট কৰে। দলটোৱে চিকিৎসা মহাবিদ্যালয়খনৰ ডায়েলেচিচ ইউনিটত ডায়েলেচিচ মেচিনৰ ডিছপ্লে, ৰোগীৰ বিছনা, একাধিক কম্পিউটাৰ, চিকিৎসা সামগ্ৰী আৰু বিভিন্ন সা-সঁজুলি নষ্ট কৰে। উল্লেখযোগ্য যে, এই কেন্দ্...

August 11, 2025 8:39 PM

views 22

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নে’ফিউ ৰিঅ’ৰ সৈতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বৈঠক

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি নাগালেণ্ডৰ ডিমাপুৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা নেচনেলিষ্ট ডেম’ক্রেটিক প্ৰগেছিভ পাৰ্টিৰ প্ৰতিষ্ঠাপক নে’ফিউ ৰিঅ'ক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত অগপৰ সভাপতি শ্ৰীবৰাই সামাজিক মাধ্যমযোগে কয়, যে ৰিঅ'ৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত নাগালেণ্ডৰ সৈত...

August 11, 2025 8:37 PM

views 27

চিৰাঙৰ কাজলগাঁও আৰু নিচিমাত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাত দুখনকৈ কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ সদৰ কাজলগাঁও আৰু নিচিমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে এইবাৰ বিটিচিৰ ২৬টা জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। বিটিচিত দুখীয়া...

August 11, 2025 8:36 PM

views 18

বিটিআৰৰ লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিটিআৰৰ লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিৰাঙত আজি মন্তব্য কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত ব্যস্ত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে প্রথমে বিটিআৰৰ ২৬টা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। ভূমিৰ অধিকাৰ প্ৰদানৰ পাছতে উচ্ছে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।