আঞ্চলিক সংবাদ

July 17, 2025 1:37 PM July 17, 2025 1:37 PM

views 5

আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কিশোৰ-কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি

আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কালি কিশোৰ-কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি কৰা হয়। তিনিচুকীয়া নগৰৰ বৰদলৈ নগৰৰ ভৱেন গগৈ পথত কেন্দ্ৰটো স্থাপন কৰা হৈছে। ডিগবৈৰ ভাৰতীয় তেল নিগম লিমিটেডৰ সৌজন্যত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটোত কালি অতিৰিক্ত জিলা আয়ুক্ত ড...

July 17, 2025 1:07 PM July 17, 2025 1:07 PM

views 3

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮-২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮ৰ পৰা ২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১৮ৰ পৰা ২২ জুলাইলৈ তেওঁ ইশ্বাতিনী আৰু লেচ’থ’ দেশ দুখন ভ্রমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ইশ্বাতিনীৰ ৰজা মাশ্বাতি তিনি আৰু দেশখনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। তেওঁ লগতে ইশ্বাতিন...

July 17, 2025 1:06 PM July 17, 2025 1:06 PM

views 8

ৰাজ্যৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ

অসম চৰকাৰে ৰাজ্যখনৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াৰ সমিতিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বেংকসমূহক এই নির্দেশ দিয়ে। তেওঁ লগতে এই সময়ছোৱাৰ ভিতৰত বেংকসমূহক কে ৱাই চি আপডেট কৰা, চৰকাৰৰ ধ্বজাবাহী ...

July 17, 2025 1:03 PM July 17, 2025 1:03 PM

views 5

জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ‘কিতাপ পঢ়া বৰ্ষ’ পদক্ষেপৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কিতাপ পঢ়া বৰ্ষ পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা, বিত্ত আৰু অসম প্ৰকাশন পৰিষদৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত ...

July 17, 2025 1:01 PM July 17, 2025 1:01 PM

views 6

অহা সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ২১ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত ৮ খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক ২০২৫, খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ামক সংশোধনী ব...

July 17, 2025 12:32 PM July 17, 2025 12:32 PM

views 6

ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰীয়া-জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, স্বাস্থ্য বিভাগৰ সজাগতামূলক কাৰ্যসূচী

ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰীয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক কাৰ্যসূচী লৈছে। উজনি অসমৰ গোলাঘাট, ধেমাজি আৰু শোণিতপুৰৰ লগতে নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙকে ধৰি কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্ৰান্ত হৈছে। একেদৰে প...

July 16, 2025 10:16 PM July 16, 2025 10:16 PM

views 5

ঝাৰখণ্ডত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ জোৱান নিহত

ঝাৰখণ্ডৰ বোকাৰু জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ এগৰাকী জোৱানৰ লগতে দুজন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত নিহত হোৱা কোব্ৰা বেটেলিয়নৰ জোৱানজন কোকৰাঝাৰৰ প্রাণেশ্বৰ কোচ বুলি জানিব পৰা গৈছে। প্রাণেশ্বৰ কোচ চি আৰ পি এফৰ ২০২ নম্বৰ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল। সংঘৰ্ষত সুৰক্ষা ...

July 16, 2025 10:15 PM July 16, 2025 10:15 PM

views 9

বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী, ৰঙিয়া ষ্টেচন পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ৰঙিয়া সংমণ্ডলৰ অধীনৰ বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী আৰু ৰঙিয়া ষ্টেচন পৰিদৰ্শন কৰি ৰে'লৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰে। তেওঁ ৰে'ল ষ্টেচন কেইটাৰ যাত্ৰীৰ সা-সুবিধা, ৰে'ল চলাচলৰ সুৰক্ষা ব্যৱস্থা আৰু ছিগনেলিং আন্তঃগাঁথনিৰ বুজ লয়।...

July 16, 2025 10:13 PM July 16, 2025 10:13 PM

views 3

গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত শিশু মহোৎসৱত কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা শিশু মহোৎসৱৰ আজি সপ্তম দিনা কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ অনুষ্টিত হয়। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি ৰোগীক সহায়ৰ হাত আগবঢ়াই অহা সমাজসেৱী সংগঠন প্ৰতিশ্ৰুতিৰ উদ্যোগত এই শিবিৰ মুকলি কৰা হয়। শিবিৰত বিশেষজ্ঞ...

July 16, 2025 10:11 PM July 16, 2025 10:11 PM

views 3

বাক্সাৰ মুছলপুৰত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্রী অশোক সিংহালৰ

স্বাস্থ্য মন্ত্রী অশোক সিংহালে বাক্সাৰ মুছলপুৰত আজি ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনত থকা অভাৱ-অভিযোগৰ খতিয়ান লয়। পৰিদৰ্শনকালতে মন্ত্রী সিংহালে শেহতীয়াকৈ ৰাজ্যৰ চিকিৎসালয়সমূহত পর্যাপ্ত পৰিমাণে ঔষধৰ লগতে চিকিৎসাৰ অত্যাধুনিক সা-সৰঞ্জাম উপলব্ধ হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।