ৰাষ্ট্ৰীয়

September 18, 2024 12:07 PM

views 19

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ চলাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কার্য চলাব পৰা নাযাব বুলি এটা অন্তৰ্ৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থান...

September 18, 2024 12:04 PM

views 14

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আৰম্ভ

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ২৪টা সমষ্টিৰ বাবে ভোটগ্রহণ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনত মুঠ ৯০টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। অহা ২৫ ছেপ্তেম্বৰত ২৬টা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ হোৱাৰ লগতে ১ অক্টোবৰত ৪০টা সমষ্টিৰ বাবে তৃতীয় ভো...

September 18, 2024 11:58 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্টেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্রকাশ...

September 18, 2024 11:56 AM

views 16

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি ৰাজস্থান, মধ্যপ্ৰদেশ, ঝাৰখণ্ড ভ্ৰমণলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি ৰাজস্থান, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ড ভ্ৰমণলৈ যাব। জয়পুৰত তেওঁ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু সমাৱৰ্তনত ভাষণ প্ৰদান কৰিব। শ্রীমতী মুৰ্মুৱে লগতে শিক্ষাৰ্থীসকলৰ বাবে ৬০০খন বিছনাযুক্ত আৰাৱলী ছাত্রাৱাসো মুক...

September 18, 2024 11:55 AM

views 13

শোধিত আৰু অশোধিত চয়াবিন তেল, পাম অইল, সূৰ্যমুখী তেলৰ বুনিয়াদী সীমা শুল্ক বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ ১২ দশমিক ৫ শতাংশ হাৰত আমদানি কৰা খোৱাতেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱাতেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই মূল্য নিৰ্দ্ধাৰণ ৰণনীতি সম্পৰ্কে আলোচনা কৰাৰ বাবে ...

September 18, 2024 11:53 AM

views 21

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ১,০৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। হাৰিয়ানা মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ১০১গৰাকী মহিলা আৰু ৪৬২ গৰাকী নিৰ্দলীয় প্রার্থী আছে। ৰাজ্যখনত অহা ৫ অক্টোবৰত এটা পৰ্যায়ত বিধান...

September 18, 2024 11:51 AM

views 19

নতুন দিল্লীত ভাৰত-ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৰোমানিয়াৰ ৰাষ্ট্ৰদূত ডেনিয়েলা-মাৰিয়ানা চেজ'নভৰ সৈতে কালি নতুন দিল্লীত ভাৰত-ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি কৰে । কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও অনুষ্ঠানত উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই ডাক টিকটসমূহে ভাৰত আ...

September 18, 2024 11:49 AM

views 37

ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত ‘মেটা’ৰ বিশ্বজুৰি নিষেধাজ্ঞা আৰোপ

ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ আৰু থ্রেডছৰ অভিভাৱক কোম্পানী মেটাই ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত বিশ্বজুৰি নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। সোমবাৰে লিখিত বিবৃতিত মেটাই কয় যে সকলো দিশ পৰ্যালোচনাৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত ৰ'ছিয...

September 18, 2024 11:44 AM

views 18

চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত চীনক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে ভাৰতৰ খিতাপ দখল

ভাৰতে আয়োজক দেশ চীনক ১-০ গ’লত পৰাস্ত কৰি অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। হুলুনবুইৰত কালি অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত ভাৰতৰ হৈ যুগৰাজ সিঙে একমাত্ৰ গ’লটো দিয়ে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দলৰূপে পৰিগণিত হৈছে। ভাৰতে ...

September 17, 2024 8:27 PM

views 14

দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত আগবাঢ়িছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত অগ্ৰসৰ হৈছে। ওড়িয়াৰ ভূৱনেশ্বৰৰ জনতা ময়দানত আজি বিয়লি এখন সংবাদ মেলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।