ৰাষ্ট্ৰীয়

June 11, 2025 11:48 AM

views 19

আকাশবাণীত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক সুৰক্ষিত আৰু অধিক মর্যাদাপূৰ্ণ কৰি তোলা সন্দৰ্ভত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ শিতানত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে কিদৰে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক স...

June 11, 2025 11:46 AM

views 35

দেশত সম্প্ৰতি COVID সংক্ৰমিত লোকৰ সংখ্যা ৬,৮১৫

দেশত সম্প্ৰতি ৬,৮১৫ জন লোকৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমানলৈকে ৭,৬৪৪গৰাকী COVID ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। COVIDত দিল্লী, ঝাৰখণ্ড আৰু কেৰালাত এজনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই লোককেইজন শ্বাস-প্রশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, নিউম’নিয়াকে ধৰি বিভিন্ন ৰোগত আক্রান্ত আছিল বুলি স...

June 11, 2025 9:31 AM

views 24

সর্বদলীয় প্রতিনিধি দলে সন্ত্রাসবাদ নিৰ্মূলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিভিন্ন দেশত প্ৰকাশ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী মোদী গৌৰৱান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশলৈ গৈ যিদৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীক দাঙি ধৰিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে বিগত সপ্তাহকেইটাত বিশ্বৰ ৩৩ খন দেশ ভ্ৰমণ কৰা ...

June 11, 2025 9:29 AM

views 21

দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰীশ্বাহে দেশৰ বান প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা দীৰ্ঘম্যাদী ব্যৱস্থা আৰু যোৱা বছৰৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি লোৱা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰ্যালয়ে...

June 11, 2025 9:27 AM

views 16

২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য চৰকাৰৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেহৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্রীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'ব...

June 11, 2025 9:25 AM

views 22

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত ১০জন লোক নিহত

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰত কালি এখন বিদ্যালয়ত সংঘটিত এটা গুলীচালনাৰ ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে আন ১২জন আহত হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বন্দুকধাৰী ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰজনে গুলীচালনাৰ পাছত বিদ্যালয়খনৰ শৌচাগাৰত আত্মহত্যা কৰে। স্থানীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি হতাহতসকলৰ ভিতৰত বন...

June 11, 2025 9:23 AM

views 20

এনডিএ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিৰ ৰাজ্যিক আৰু জিলা মুখ্য কাৰ্যালয়সমূহত সংবাদমেল

বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিয়ে সমগ্র দেশতে ইয়াৰ ৰাজ্যিক আৰু জিলা মুখ্য কাৰ্যালয়সমূহত কালি সংবাদমেলৰ আয়োজন কৰে। বিজেপিৰ সভাপতি জে পি নাড্ডাই নতুন দিল্লীত এখন সংবাদমেলত ভাগ লৈ বিগত ১১ বছৰত চৰকাৰৰ সাফল্যত আলোকপাত কৰে। এই সংবাদমেলসমূহত নৰেন্দ্ৰ মোদী চৰকাৰৰ নী...

June 11, 2025 9:22 AM

views 12

এখন উচ্চাকাংক্ষী আৰু সন্তুলিত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি ভাৰতৰ সমৰ্থনঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চলিত বৰ্ষৰ শেষলৈ এখন উচ্চাকাংক্ষী আৰু সন্তুলিত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা ব্যক্ত কৰিছে। বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ ইউৰোপীয় সংঘৰ উচ্চবৰ্গৰ প্ৰতিনিধি কাজা কাল্লাছৰ সৈতে কালি এখন যুটীয়া সংবাদমেলত ড০ জয়শংকৰে ভাৰত আ...

June 11, 2025 9:20 AM

views 18

ছুইডেনৰ ষ্টকহোমত নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বৈঠক

মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ছুইডেনৰ ষ্টকহোমত আন্তঃৰাষ্ট্ৰীয় আই ডি ই এ সন্মিলনত অংশ লোৱাৰ সুযোগতে নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ জৰিয়তে নিৰ্বাচন ব্যৱস্থাপনা আৰু গণতান্ত্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বক শক্তিশালী ক...

June 11, 2025 9:19 AM

views 17

এ এফ চি এছিয়ান কাপৰ এখন কোৱালিফায়াৰ মেচত হংকঙৰ হাতত পৰাস্ত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দল

এ এফ চি এছিয়ান কাপত কালি সন্ধিয়া ক'লুনত অনুষ্ঠিত এখন কোৱালিফায়াৰ মেচত আয়োজক হংকঙৰ হাতত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দলটো ০-১ গ'লত পৰাস্ত হয়। খেলখনত ৯৪ মিনিটত হংকঙৰ ষ্টেফান পেৰেইৰাই এটা গ'ল দি দলটোৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ পাছত ২০২৭ চনত ছৌদি আৰৱত হ'বলগীয়া এছিয়ান কাপৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জনৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।