ডাউনলোড
মোবাইল এপ

android apple
signal

২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য চৰকাৰৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেহৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্রীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ’বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি শ্রীসিঙে লগতে উল্লেখ কৰে। সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কৌশলত আলোকপাত কৰি শ্রীসিঙে কয়, যে দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰ ভাৰতৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈছে আৰু অপাৰেচন সিন্দূৰৰ সময়ত ব্যৱহাৰ কৰা যুদ্ধৰ সামগ্ৰীসমূহ ভাৰততেই নিৰ্মাণ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে ভাৰতে কেৱল ইয়াৰ সীমান্তসমূহক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং দেশক কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগতভাৱে শক্তিশাৰী কৰিব পৰাকৈ এটা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে বিদেশত নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ ওপৰত দেশ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আছিল কিন্তু বর্তমান এই খণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ভাৰত তীব্ৰ গতিৰে অগ্ৰসৰ হৈছে। প্ৰতিৰক্ষা সামর্থ সন্দৰ্ভত শ্রীসিঙে কয়, যে সেনাবাহিনীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক মাৰণাস্ত্ৰ, ক্ষেপণাস্ত্র, টেংক আদি দেশতেই নিৰ্মাণ কৰা হৈছে। তদুপৰি অগ্নি, পৃথিৱী আৰু ব্ৰহ্ম’ছৰ দৰে থলুৱাভাৱে নিৰ্মিত ক্ষেপণাস্ত্রসমূহ শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে বুলি শ্রীসিঙে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক