March 17, 2025 7:02 PM

views 36

পশ্চিম কাৰ্বি আংলংত জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা আয়ুক্তৰ গুৰুত্বপূর্ণ বৈঠক

পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং আৰু আশ্ৰী বিধানসভা সমষ্টিৰ বাবে আসোঁৱাহমুক্ত ভোটদাতাৰ তালিকা প্রস্তুত কৰাৰ বাবে জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আজি জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিটো ৰাজনৈতিক দলৰ বুথ পৰ্যায়ৰ পৰা প্রতিনিধি নিয়োগ কৰি প্ৰত্যেকটো প...

March 17, 2025 7:01 PM

views 20

ডিব্ৰুগড়ত জিলা আয়ুক্তৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আজি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা নির্বাচনী বিষয়াসকলেও অংশগ্রহণ কৰে। এই বৈঠকত জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ এহেজাৰ ২৪৪টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ৰাজনৈতিক দলৰ দ্বাৰা...

March 17, 2025 6:59 PM

views 13

হোজাইৰ লংকা-নগাঁও পথ সংযোগী বজাৰৰ সন্মুখত নিৰ্মাণ হ’বলগীয়া ক্ল’ক টাৱাৰৰ আধাৰশিলা স্থাপন

হোজাইৰ লংকা-নগাঁও পথ সংযোগী বজাৰৰ সন্মুখত নেতাজীৰ প্ৰতিমূৰ্তিৰ সমীপত নিৰ্মাণ হ'বলগীয়া ক্ল'ক টাৱাৰৰ আজি লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে অনাগত সময়ত লংকা-নগাঁও সংযোগী মূল পথছোৱা পুনৰ নিৰ্মাণ কৰি গৌৰৱ পথ নামেৰে নামকৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত ...

March 17, 2025 6:56 PM

views 15

কৃষি বিভাগৰ উদ্যোগত শিল্পগ্ৰামত আজিৰে পৰা তিনিদিনীয়াকৈ কৃষক উৎপাদক মেলা অনুষ্ঠিত

কৃষি বিভাগৰ উদ্যোগত আৰু অসম ক্ষুদ্র কৃষক কৃষি বাণিজ্য কনছ'ৰটিয়ামৰ সহযোগত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আজিৰে পৰা তিনিদিনীয়াকৈ কৃষক উৎপাদক মেলা অনুষ্ঠিত হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি এই মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ বিভিন্ন বিপণীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে কৃষক তথা কৃষি উদ্যোগীসকলৰ সৈতে মত-বি...

March 17, 2025 6:48 PM

views 23

অহা ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ সন্দৰ্ভত আলোচনা কৰে। অহা ১৯ মাৰ্চত কামৰূপ জিলাৰ পলাশবাৰীত কেন্দ্ৰীয়ভাৱে এই যোজনাৰ হ...

March 17, 2025 6:29 PM

views 17

চুৰি কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা মণিপুৰৰ এটা চক্ৰ উৎখাত অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মটৰ চাইকেলকে ধৰি অন্যান্য বাহন চুৰি কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা মণিপুৰৰ এটা চক্ৰ উৎখাত কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে অভিযান চলাই মেঘালয় আৰু বাংলাদেশ সীমান্তৰ পৰা ১৩ খন মটৰ চাইকেল আৰু ৩ খন চাৰিচকীয়া বাহন উদ্ধাৰ কৰে। এই চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভি...

March 17, 2025 6:27 PM

views 27

বাক্সাত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত তিনিটা নতুন পকী পথ নিৰ্মাণৰ কাম আৰম্ভ

বাক্সা জিলাৰ ৪১ নম্বৰ মানাহ বিধানসভা সমষ্টি আৰু ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত তিনিটা নতুন পকী পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। বিধায়ক ফণীধৰ তালুকদাৰে আজি দলাজানিৰ পৰা খুচুৰাবাৰী-গোৱৰ্ধনা সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথটোৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। ৭ কোটি ৫...

March 17, 2025 6:25 PM

views 31

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগতা সভাৰ আয়োজন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আজি ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে এখন সজাগতা সভাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ লগতে বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, নার্চ আৰু আশাকৰ্মীৰ উপস্থিতি এই সজ...

March 17, 2025 6:23 PM

views 20

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকগৰাকীক প্রধানশিক্ষক পদৰ বাবে বাছনি কৰা হ'ব। তদুপৰি প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত হোৱা বিশেষ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষক এগৰাকীৰ নিযুক্তিৰ ত...

March 17, 2025 6:12 PM

views 16

৬ এপ্ৰিলত অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে ইতিমধ্যে জাননীযোগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ মুঠ ৫ হাজাৰ ৫৬৩টা পদৰ বাবে অনুষ্...