March 17, 2025 5:43 PM

views 9

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে জয়মাল্য বাগচিৰ শপত গ্ৰহণ

ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়মাল্য বাগচিক আজি উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে শপতবাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ উপস্থিতিত সৰ্বোচ্চ ন্যায়ালয়খনৰ চৌহদত আজি এই শপত গ্রহণ অনুষ্ঠান সম্পন্ন হয়। ন্যায়াধীশ বাগচিৰ নিযুক্তি...

March 17, 2025 5:41 PM

views 11

প্রাক্তন কেন্দ্রীয় মন্ত্রী ড° দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান

জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী ড° দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ আৰ এছ এছৰ আজীৱন সদস্য ড° প্ৰধানে ইহ সংসাৰত পুত্ৰ তথা কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধান আৰু পত্নীকে ধৰি আত্মীয়-স্বজনক এৰি থৈ যায়।...

March 17, 2025 5:40 PM

views 20

শিহুৰ জৰীপত সমগ্ৰ দেশৰ ভিতৰতে অসম অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত

দেশৰ প্ৰথমটো বিস্তৃত শিহুৰ জৰীপত সমগ্ৰ দেশতে মুঠ ৬ হাজাৰ ৩২৭টা শিহু অৱস্থিতিৰ অনুমান কৰা হৈছে। শেহতীয়াকৈ গুজৰাটৰ জুনাগড়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি নদী ডলফিন হিচাপে জনাজাত শিহুৰ ৬৩৫টাৰ অৱস্থিতি অসমৰ ৫ খন নদীত দেখিবলৈ পোৱা গৈছ...

March 17, 2025 5:38 PM

views 24

মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ

মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অভিযান চলাই ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। বিমান বন্দৰটোৰ চাৰি ঠাইত সুকীয়াকৈ অভিযান চলাই ৮ কোটি ৪৭ লাখ টকা মূল্যৰ এই সোণখিনি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। বিভাগীয় বিষয়াসকলে আজি জানিবলৈ দি...

March 17, 2025 5:36 PM

views 22

প্ৰধানমন্ত্ৰীৰ সৈতে এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ মত বিনিময়ৰ অনুষ্ঠান সামাজিক মাধ্যমত প্ৰচাৰ ড’নাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়ৰ এটা অনুষ্ঠান সামাজিক মাধ্যমৰ নিজস্ব মঞ্চৰ জৰিয়তে প্ৰচাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানটোত প্রধ...

March 17, 2025 1:41 PM

views 25

পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা-বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে, পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ...

March 17, 2025 1:38 PM

views 14

আমেৰিকালৈ পাকিস্তান, আফগানিস্তান, ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিকৰ যাত্ৰাত নিষেধাজ্ঞাৰ প্ৰস্তুতি ড’নাল্ড ট্রাম্প চৰকাৰৰ

ড’নাল্ড ট্রাম্প চৰকাৰে আমেৰিকালৈ পাকিস্তান, আফগানিস্তান আৰু ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিক যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি চলাইছে। নিৰাপত্তা বিষয়াসকলৰ পৰামৰ্শৰ ভিত্তিত ইতিমধ্যে এখন খচৰা তালিকা সাজু কৰি উলিওৱা হৈছে, য'ত দেশসমূহক ৰেড, অৰেঞ্জ আৰু য়েল্লো এই তিনিটা শাখাত বিভক্ত কৰা হৈছে...

March 17, 2025 1:37 PM

views 11

য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাৰ হাই এলার্ট জাৰি

য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাই হাই এলার্ট জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ পাছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে। ইজিপ্তৰ শৰ্ম-এল-শ্বেইখত য়েমেনৰ পৰা কৰা মিছাইল আক্ৰমণৰ পাছতে ইজৰাইল এতিয়া অধিক তৎপৰ হৈ পৰিছে। এই আক্ৰমণ ইজৰাইল নে অঞ্চলটোত...

March 17, 2025 1:36 PM

views 10

ইংলেণ্ডত আজিৰে পৰা কাবাডী বিশ্বকাপ ২০২৫; ইটালীৰ বিৰুদ্ধে আজি ভাৰতীয় পুৰুষ দলৰ মেচ

কাবাডী বিশ্বকাপ ২০২৫ আজি ইংলেণ্ডত আৰম্ভ হ'ব। ইটালীৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে উলভাৰহেম্পটনত আজি অভিযান আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে পাঁচ বজাৰ পৰা খেলখন আৰম্ভ হ'ব। সাত দিনীয়া এই প্রতিযোগীতাখনত ৬০খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব। পুৰুষ শাখাৰ প্ৰতিযোগিতাৰ বাবে ১০টা দলক গ্রুপ এ আৰু গ্...

March 17, 2025 1:35 PM

views 69

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি জন্মগত সমস্যা আৰু আনুষংগিক বিষয় সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’ত আজি নিশা চাৰে ৯ বজাত ‘জন্মগত সমস্যা আৰু আনুষংগিক বিষয়’ সন্দৰ্ভত নতুন দিল্লীস্থিত এইমছৰ শিশু অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপক ডাঃ প্ৰবোধ গোৱেল আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ হাস্পতালৰ শিশু আৰু নৱজাতক চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ সুৰিন্...