ডাউনলোড
মোবাইল এপ

android apple
signal

March 17, 2025 6:23 PM | Teachers sop

printer

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকগৰাকীক প্রধানশিক্ষক পদৰ বাবে বাছনি কৰা হ’ব। তদুপৰি প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত হোৱা বিশেষ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষক এগৰাকীৰ নিযুক্তিৰ তাৰিখৰ পৰা জ্যেষ্ঠতা বাছনি কৰা হ’ব। ঠিকাভিত্তিত নিয়োজিত শিক্ষকক জ্যেষ্ঠতাৰ তালিকাত অন্তৰ্ভুক্ত কৰা নহ’ব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে। চি আৰ চি চি অর্থাৎ ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কো-অর্ডিনেটৰ হিচাপে দায়িত্ব নিৰ্বাহ কৰি থকা কোনো শিক্ষক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হিচাপে বাছনিভুক্ত হ’লে তেওঁ চি আৰ চি চি পদ ত্যাগ কৰিব বুলি লিখিতভাৱে শিক্ষা বিভাগক অৱগত কৰিব লাগিব বুলিও নির্দেশনাটোত কোৱা হৈছে। নিয়মীয়া প্রধানশিক্ষক নথকা বিদ্যালয়সমূহত জিলা প্রাথমিক শিক্ষা বিষয়া বা বিদ্যালয়ৰ পৰিদৰ্শকে এগৰাকী শিক্ষকক ভাৰপ্ৰাপ্ত প্রধানশিক্ষকৰ দায়িত্ব অর্পণ কৰিব। একেদৰে নিয়মীয়া শিক্ষক নথকা বিদ্যালয়ত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত নিযুক্তিপ্রাপ্ত জ্যেষ্ঠ শিক্ষকগৰাকীক প্রধানশিক্ষকৰ দায়িত্ব দিয়া হ’ব। একেলগ কৰা দুখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষকে প্রধানশিক্ষকৰ দায়িত্ব লাভ কৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক