April 7, 2025 6:43 PM

views 29

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কাৰ্যপন্থা যুগুতৰ সন্দৰ্ভত কেশৱ মহন্তৰ বৈঠক

বাৰিষাৰ সময়ত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, সেনা বাহিনী, ভাৰতীয় খাদ্য নিগমকে ...

April 7, 2025 6:41 PM

views 26

ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীত ৰাজ্যত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা শিক্ষামন্ত্রীৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনৰ এহেজাৰ ৫০০ খন মাধ্যমিক বিদ্যালয়ত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে পর্যালোচনা বৈঠকত বিভিন্ন দক্ষতা পৰিষদে দিয়া পৰামৰ্শ অনুসৰি শিক্ষানুষ্ঠানৰ আদৰ্শ প...

April 7, 2025 6:37 PM

views 47

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ'ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিব লগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি ল...

April 7, 2025 6:34 PM

views 27

পঞ্চায়ত নিৰ্বাচনত বুজাবুজিৰে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ বিজেপি আৰু অগপ দলৰ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপই বুজাবুজিৰে নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে আজি বিজেপি আৰু অগপৰ নেতাসকল...

April 7, 2025 12:06 PM

views 10

পৰ্তুগালৰ ৰাজধানী লিছবনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পৰ্তুগালৰ ৰাজধানী লিছবনত উপস্থিত হয়। ভ্রমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। শ্রীমতী মুর্মুৱে পৰ্তুগালৰ প্ৰধানমন্ত্ৰী লুইচ মণ্টেগ্ৰো আৰু নেচনেল এছেম্বলীৰ অধ্যক্ষ জোছ ...

April 7, 2025 12:05 PM

views 7

জম্মু-কাশ্মীৰক উপযুক্ত সময়ত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ’বঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাসকলক আশ্বাস প্ৰদান কৰি কয়, যে জম্মু অঞ্চলৰ সন্ত্ৰাসজৰ্জৰিত পৰিস্থিতি অতি সোনকালে নিয়ন্ত্রণলৈ অনা হ'ব। জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ ক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয়, যে উপযুক্ত সময়ত জম্...

April 7, 2025 12:03 PM

views 76

সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন

আজি বিশ্ব স্বাস্থ্য দিৱস। জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। প্ৰতিবছৰে এই দিনটোতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰি স্বাস্থ্য সংক্রান্তীয় এটা বিশেষ বিষয় সন্দৰ্ভত মানুহৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। ১৯৪৮ চনৰ আজিৰ এই দিনটোতে...

April 7, 2025 12:02 PM

views 23

বাণিজ্যিক আলোচনা কৰিবৰ বাবে হোৱাইট হাউছৰ সৈতে ৫০খনতকৈও অধিক ৰাষ্ট্ৰৰ যোগাযোগ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে নতুন শুল্ক প্ৰৱৰ্তন কৰাৰ পাছত ৫০খনতকৈও অধিক ৰাষ্ট্ৰই বাণিজ্যিক আলোচনা কৰিবৰ বাবে হোৱাইট হাউছৰ লগত যোগাযোগ কৰিছে। ট্রাম্পৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে নতুন বর্ধিত শুল্কক সমৰ্থন কৰিছে যদিও যোৱা সপ্তাহত আমেৰিকাৰ শ্বেয়াৰ বজাৰ প্ৰায় ৬ ত্ৰিলিয়ন ডলাৰ নিম্নগামী হয়। আমে...

April 7, 2025 12:00 PM

views 7

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত ‘সমূহীয়াভাৱে জল সংৰক্ষণ অভিযান’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত সমূহীয়াভাৱে জল সংৰক্ষণ অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালক প্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১...

April 7, 2025 11:58 AM

views 8

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

হায়দৰাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে। ১৫৩ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে ১৬ অভাৰ ৪টা বলত ৩টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাট টাইটানছৰ হৈ অধিনায়ক শুভমন গিলে অপৰাজিত ৬১ ৰানৰ ...