আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নতুন শুল্ক প্ৰৱৰ্তন কৰাৰ পাছত ৫০খনতকৈও অধিক ৰাষ্ট্ৰই বাণিজ্যিক আলোচনা কৰিবৰ বাবে হোৱাইট হাউছৰ লগত যোগাযোগ কৰিছে। ট্রাম্পৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে নতুন বর্ধিত শুল্কক সমৰ্থন কৰিছে যদিও যোৱা সপ্তাহত আমেৰিকাৰ শ্বেয়াৰ বজাৰ প্ৰায় ৬ ত্ৰিলিয়ন ডলাৰ নিম্নগামী হয়। আমেৰিকাৰ কোষাগাৰ সচিব স্কর্ট বেছেণ্টে এটা সংবাদ মাধ্যমত জনোৱা অনুসৰি যোৱা বুধবাৰৰ ঘোষণাৰ পাছত আলোচনাৰ বাবে ৫০ খনতকৈও অধিক ৰাষ্ট্ৰই আমেৰিকাৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। টাইৱানৰ ৰাষ্ট্ৰপতি লাই চিং তেই বাণিজ্যিক আলোচনাৰ ভেটি হিচাপে শূন্য শুল্কৰ প্ৰস্তাৱ আগবঢ়াই বাণিজ্যিক বাধা আঁতোৰাৱাৰ লগতে টাইৱানৰ কোম্পানীসমূহে আমেৰিকাত অধিক বিনিয়োগ কৰাৰ প্ৰতিশ্রুতি দিয়ে। বিশ্লেষকসকলে আশা কৰাতকৈ অধিক বৰ্ধিত হাৰত ৰাষ্ট্ৰপতি ট্রাম্পে শুল্ক ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত দুদিনৰ ভিতৰতে আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ সূচাংক প্রায় ১০ শতাংশ হ্রাস হৈছে।
Assamese | April 7, 2025 12:02 PM | us trum trade talkjs
বাণিজ্যিক আলোচনা কৰিবৰ বাবে হোৱাইট হাউছৰ সৈতে ৫০খনতকৈও অধিক ৰাষ্ট্ৰৰ যোগাযোগ