April 7, 2025 8:00 PM

views 6

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডুবাইৰ যুৱৰাজৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ উপ প্রধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ যুৱৰাজ শ্বেইখ হামদান বিন মহম্মদ আল মাকট'মে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। ডুবাইৰ যুৱৰাজ হিচাপে এয়া হ'ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে কেইবাগৰাকী মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু উচ্চ পৰ্যা...

April 7, 2025 7:58 PM

views 31

দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে। জম্মু আৰু কাশ্মীৰলৈ অনুপ্ৰৱেশৰ বাবে সন্ত্রাসবাদীয়ে আন্তৰাষ্ট্ৰীয় সীমান্তত স্থাপন কৰা সুৰঙ্গসমূহ বিচাৰি উলিয়াই সেইসমূহ ধ্বংস কৰিবলৈ সেই নিৰীক্ষণ ব্য...

April 7, 2025 7:55 PM

views 24

পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো দি চৌজাৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লীজবনত পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো দি চৌজাৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত যুটীয়াভাৱে আয়োজন কৰা সংবাদ মেলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে ভাৰত-পৰ্টুগালৰ বান্ধোনক ঐতিহাসিক ৰূপে অভিহিত কৰি ইয়াক আধুনিক আৰু বহুমাত্ৰিক অংশীদাৰিত্বৰূপ...

April 7, 2025 7:40 PM

views 24

আকাশবাণীৰ পাব্লিক স্পীকত আজি জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালকপ্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত ০১১-২৩৪২-১০৫০ আৰু ০১১-২৩৩১...

April 7, 2025 7:38 PM

views 15

সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন

আজি বিশ্ব স্বাস্থ্য দিৱস। জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি অহা হৈছে। প্ৰতিবছৰে এই দিনটোতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰি স্বাস্থ্য সংক্রান্তীয় এটা বিশেষ বিষয় সন্দৰ্ভত মানুহৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। ১৯৪৮ চনৰ আজিৰ এই দিনটোতেই বিশ্ব স্বা...

April 7, 2025 7:37 PM

views 40

প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত ৩২ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান

প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত বৰ্তমানলৈ ৩২ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানলৈ ১০ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৫ চনত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ঋণ গ্ৰহণ কৰা লোকৰ সংখ্যা সম্প্ৰতি ৫২ কোটিৰো অধিক হৈছেগৈ। সামগ্ৰিকভাৱে বিত্তীয় সহায়ৰ ব...

April 7, 2025 7:34 PM

views 16

আজিৰে পৰা নতুন দিল্লীত নৌসেনা কামাণ্ডাৰ সন্মিলন-২০২৫ আৰম্ভ

নৌসেনা কামাণ্ডাৰ সন্মিলন-২০২৫ ৰ প্ৰথম সংস্কৰণৰ দ্বিতীয় অংশ আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনখন শীৰ্ষ পৰ্যায়ৰ আৰু দ্বিবার্ষিক অনুষ্ঠান। এই সন্মিলত নৌসেনাৰ শীৰ্ষ বিষয়াসকলৰ মাজত কৌশলগত, কাৰ্য্যকৰী আৰু প্ৰশাসনিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। সন্মিল...

April 7, 2025 6:58 PM

views 31

শিৱসাগৰৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

শিৱসাগৰ জিলাৰ নাজিৰাৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ আজি পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। হৃদ ৰোগকে ধৰি অন্যান্য শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ যোৱা ১ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল। বিবিচি এছিয়া পেচিফিকৰ সম্পাদকৰ দায়িত্বত থকা শচীন গগৈৰ মাতৃ অঞ্জলী গগৈ অঞ্চলটোৰ বিভ...

April 7, 2025 6:56 PM

views 37

কাৰ্বি আংলং জিলাৰ ৰংবামি গাঁৱৰ ৩০০ৰো অধিক লোকৰ মাজত ভূমি পট্টা বিতৰণ

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ৰংবামি গাঁৱৰ ৩০০ৰো অধিক লোকৰ মাজত আজি ভূমি পট্টা বিতৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই ভূমি পট্টাসমূহ বিতৰণ কৰি কয়, যে সীমান্ত অঞ্চলত থকা লোকসকলক ভূমি পট্টা প্ৰদানৰ বিষয়টোক তেওঁলোকে প্রাধান্য দিছে। অনুষ্ঠান...

April 7, 2025 6:54 PM

views 15

ডিব্ৰুগড়ত উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ ৰঙালী ৰং শীৰ্ষক বস্ত্ৰমেলা

উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ খেলপথাৰত আজিৰে পৰা ৫ দিনীয়াকৈ ৰঙালী ৰং শীৰ্ষক এখন বস্ত্ৰমেলাৰ আয়োজন কৰিছে। অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আনুষ্ঠানিকভাৱে এই মেলাৰ শুভাৰম্ভ কৰে। উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই মহিলা উদ্যোগীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী আৰ...