April 7, 2025 11:31 AM

views 18

খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি-সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বানঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি তামুলপুৰৰ পথালিকুছিত আয়োজিত সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কয়, যে সকলোৱে ধৰ্মীয় আৰু আধ্যাত্...

April 7, 2025 11:29 AM

views 32

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ নির্বাচনী তৎপৰতা বৃদ্ধি

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষই নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। অহা ২ আৰু ৭ মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ কাষ চপাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকী...

April 7, 2025 11:28 AM

views 18

ফৌজদাৰী গোচৰত অভিযুক্ত কোনো প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিবঃ ৰাজ্যিক নিৰ্বাচন আয়োগ

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ’ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিবলগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লো...

April 7, 2025 11:24 AM

views 21

আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ বিশেষ সতর্কতামূলক ব্যৱস্থা

আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বোমা স্কোৱাড, ডগ স্কোৱাডৰ দলে অভিযান চলাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰতিষ্ঠা দিৱসৰ সময়ত অসম, অৰুণাচল সীমান্...

April 7, 2025 11:18 AM

views 30

ৰঙালী বিহুক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশ, ভিন্ন প্ৰান্তত বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰ...

April 7, 2025 11:14 AM

views 26

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আজি পৰিয়ালসহ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ

ভাৰতৰত্ন সন্মানেৰে বিভূষিত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আজি সপৰিয়ালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বিচৰণভূমি কাজিৰঙা, হাতী, ঢেকীয়াপতিয়া বাঘ, দুষ্প্ৰাপ্য দলহৰিণৰো বিচৰণৰ্থলী। পৰিয়ালৰ সৈতে কাজিৰঙা দৰ্শনলৈ অহা খেলুৱৈগৰাকীয়ে কাজিৰঙাৰ কঁহ...

April 7, 2025 11:13 AM

views 27

আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ সামৰণি

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সহযোগত আয়োজিত আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগল্‌ছত ঋতুৰাজ বৰঠাকুৰে প্ৰথম, শিৱাশীষ ঠাকুৰে দ্বিতীয় আৰু মানস প্ৰতিম শৰ্মাই তৃতীয় স্থান দখল কৰে। মহিলাৰ...

April 7, 2025 11:11 AM

views 31

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২০ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজা...

April 7, 2025 11:09 AM

views 28

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ সামৰণি

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত শনিবাৰৰ পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণি অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক অৰূপা পতংগীয়া কলিতাই সাহিত্য আৰু জীৱন বিষয়ত ভাষণ দিয়ে। নিজৰ ভাষণত তেওঁ নীৰৱে আৰু গভীৰভাৱে সাহিত্যই সমাজ সলনি কৰে বুলি মন্তব্য কৰে। মানুহৰ মাজৰ ...

April 7, 2025 11:07 AM

views 28

মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলা

মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। ‘কিতাপ চাওক, কিতাপ লওক, কিতাপ পঢ়ক' বিষয়বস্তুৰে আয়োজিত এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন প্রতিষ্ঠানে অংশ লৈছে। আজি পুৱা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী সন্মানেৰে সন্মানিত গোপীৰা...