October 7, 2024 8:57 PM

views 20

আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আৱেদনৰ ব্যৱস্থা

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ই...

October 7, 2024 6:49 PM

views 33

ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৩৮৫গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰে শিক্ষা বিভাগত ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। উল্লেখয...

October 7, 2024 6:48 PM

views 10

শাৰদীয় দুর্গা পূজা উপলক্ষে পূজা সমিতিসমূহৰ মাজত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলযোগে দুৰ্গা পূজাৰ পৰা কালী পূজালৈকে স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ কথা ...

October 7, 2024 6:47 PM

views 21

পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে পৰিবহণ বিভাগৰ আজিৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন

পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে আজিৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰিছে। মন্ত্ৰী কেশৱ মহন্তই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত পথ সুৰক্ষা সপ্তাহৰ সজাগতামূলক বাইক সমদল মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত অংশ লৈ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহন আইন ...

October 7, 2024 6:45 PM

views 24

ৰাজ্যৰ কৃষকৰ মাজত ৪ লাখতকৈও অধিক ভূমি স্বাস্থ্য-পত্ৰ, কৃষি যন্ত্রপাতি বিতৰণ; ৯৬টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি

ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়ন তথা কৃষকসকলৰ সহায়ক হোৱাকৈ চৰকাৰে আজি কৃষকসকলৰ মাজত বিভিন্ন কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই ২...

October 7, 2024 6:43 PM

views 18

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত পূজাৰ প্ৰস্তুতি অব্যাহত আছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক ...

October 7, 2024 6:39 PM

views 21

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকিক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীয়ে আজি ড্ৰাগছ সৰবৰাহৰ গোচৰৰ অভিযোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকিক গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এই লোকজনৰ বিৰুদ্ধে কামপুৰৰ কছুৱা থানাত ৰুজু হোৱা ড্ৰাগছ সৰবৰাহৰ এটা গোচৰৰ সন্দৰ্ভত ...

October 7, 2024 2:57 PM

views 36

মহিলা টি-টুৱেণ্টি বিশ্বকাপত সন্ধিয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা টি-টুৱেণ্টি বিশ্বকাপ প্রতিযোগিতাত আজি সন্ধিয়া শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। কালি ডুবাইত অনুষ্ঠিত এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেল খেলাৰ আশা...

October 7, 2024 2:53 PM

views 32

ভাৰতৰ বিলিয়াৰ্ডছ খেলুৱৈ পংকজ আদৱানীৰ ছংঘে ছিংগাপুৰ অ’পেন প্রতিযোগিতাত খিতাপ দখল

ভাৰতৰ বিলিয়াৰ্ডছ খেলুৱৈ পংকজ আদৱানীয়ে ছংঘে ছিংগাপুৰ অ'পেন প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেলত পংকজে ছিংগাপুৰৰ জাডেন অঙক ৫-১ ফলাফলত পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। পংকজে অহা মাহত ডোহাত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বিলিয়ার্ডছ প্ৰতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব।

October 7, 2024 2:48 PM

views 38

চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু

তামিলনাডুৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী এম সুব্রমন্যমে কালি চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু ঘটা বুলি সদৰি কৰে। চেন্নাইত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰচণ্ড গৰমৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। বায়ু প্ৰদৰ্শনীৰ বাবে গ্ৰহণ কৰা সকলো ধ...