October 15, 2024 8:35 PM

views 34

অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক ডº এছ জয়শংকৰৰ সাক্ষাৎ‍

বিদেশ মন্ত্রী ডº এছ জয়শংকৰে আজি দিল্লীত অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক সাক্ষাৎ‍ কৰে। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু আহ-যাহৰ লগতে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্রশিক্ষণ সম্পর্কে আলোচনা কৰে। ডº জয়শংকৰে কয় যে, এই ক্ষেত্ৰসমূহৰ সহযোগিতা ভাৰত আৰু অষ্ট্ৰেলিয়া উভয়ৰে বাবে লাভদ...

October 15, 2024 8:32 PM

views 16

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বেইজণ্ট পাণ্ডাক নিৰ্বাচন প্ৰভাৰী নিয়োগ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আসন্ন দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় উপ-সভাপতি বেইজণ্ট পাণ্ডাক ৰাজ্যখনৰ নিৰ্বাচন প্ৰভাৰী হিচাপে নিয়োগ কৰিছে। সাংসদ অতুল গাৰ্গক বিধানসভা নিৰ্বাচনৰ বাবে সহকাৰী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে।

October 15, 2024 8:30 PM

views 39

আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ সদস্যসকলৰ সৈতে নির্মলা সীতাৰমণৰ মত বিনিময়

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চই ভাৰতৰ ঔদ্যোগিক বিকাশ আৰু বিনিয়োগ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰিছে। শ্ৰীমতী সীতাৰমণে আজি নতুন দিল্লীত অধ্যক্ষ জন টি চেম্বাৰ নেতৃত্বাধীন আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ সদস্যসকলৰ সৈতে মত বিনিম...

October 15, 2024 8:28 PM

views 17

স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰ বিষয়ক তিনিটা কৃত্রিম বুদ্ধিমত্তা উৎকর্ষ সাধন কেন্দ্ৰৰ ঘোষণা ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰ বিষয়ক তিনিটা কৃত্রিম বুদ্ধিমত্তা উৎকর্ষ সাধন কেন্দ্ৰৰ ঘোষণা কৰে। শ্ৰীপ্ৰধানে কয় যে, এই কেন্দ্ৰসমূহে গৱেষণা, উদ্ভাৱন আৰু অৰ্থনীতিৰ প্ৰসাৰৰ লগতে জনসাধাৰণৰ কল্যাণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ...

October 15, 2024 8:26 PM

views 9

লোথলৰ সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব – প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গুজৰাটৰ লোথলত নিৰ্মাণ কৰিবলগীয়া সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পষ্টযোগে কৈছে যে, কেন্দ্রীয় মন্ত্রীসভাই অলপতে লোথলত ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ বিকশাই তোলাৰ বাবে সিদ্ধান্...

October 15, 2024 8:18 PM

views 21

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ত্রিদেশীয় ভ্রমণসূচীৰ অংশ হিচাপে সম্প্রতি আলজেৰিয়াত থকা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ আলজেৰিয়াৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা মন্ত্ৰী কমাল বদ্রিয়ে ৰাষ্ট্ৰপতিক এই ডিগ্ৰী অৰ্পণ...

October 15, 2024 7:49 PM

views 27

ভাৰত আৰু আমেৰিকাৰ ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ’ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ

দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ উত্থান ঘটাই ভাৰত আৰু আমেৰিকাই ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ'ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে। দেশৰ কাৰ্য্যকৰী প্ৰস্তুতি আৰু সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সম্পাদনা কৰা এই চুক্তিত এম কিউ নাইন বি স্কাই গার্ডিয়ান আৰু চি গার্ডিয়ান ড্ৰণৰ ট্ৰাই চাৰ্ভিছ ক্ৰয় কৰাটো অন্তৰ্ভুক্ত কৰ...

October 15, 2024 7:27 PM

views 20

গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত

গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সকলো চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পুংখানুপুংখ খতিয়ান লোৱা হয়। সভাত জিলা আয়ুক্তই জিলাখনৰ সামগ্রিক উন্নয়ন আৰু সূচক মানসমূহৰ স্থান ঊর্ধগামী কৰাৰ উদ্দেশ্যে...

October 15, 2024 7:24 PM

views 16

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ অর্থাৎ আই টি ইউৰ বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভা ২০২৪ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰক...

October 15, 2024 7:19 PM

views 13

জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত শিল্পীগৰাকীলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

অসমৰ যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰে। ১৯৪৩ চনৰ ২০ চেপ্তেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ ১৯৭৭ চনৰ আজিৰ দিনটোতে দেহাৱসান হৈছিল। একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক হিচাপে জনমানসত প্ৰ...