October 16, 2024 11:48 AM

views 17

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত অহা ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপন কৰা হ'ব। এই দিৱস উদযাপন সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তৰ সভাকক্ষত কালি এখন সভা অনুষ্ঠিত হয়। সভাত বিধায়ক বলিন চেতিয়া, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।

October 16, 2024 11:45 AM

views 30

দৰং জিলাৰ দেৱানন্দ সত্ৰত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱ

দৰং জিলাৰ ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা আৰু পূৰ্বৰ বিধি অনুসৰি আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই উৎসৱ পালন কৰা হয়। মহাভাৰতত বর্ণিত দধিমন্থন আৰু সাগৰমন্থন আখ্যানৰ আলমত সামগ্ৰিকভাৱে পালন কৰা হয় এই মথনী উৎসৱ। মূল উৎসৱৰ ...

October 16, 2024 11:39 AM

views 27

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলিৰ  ১৩ দিনৰ ভিতৰত ২৪ লাখ ১৬ হাজাৰ টকা ৰাজহ সংগ্ৰহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ মাত্ৰ ১৩ দিনৰ ভিতৰতে ২৪ লাখ ১৬ হাজাৰ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। কেৱল জীপ চাফাৰীৰ জৰিয়তে বন বিভাগে দেশী-বিদেশী পৰ্যটকৰ পৰা এই ৰাজহ সংগ্ৰহ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া মতে দুর্গোৎসৱৰ সময়ছোৱাত কাজিৰঙালৈ অধিক সং...

October 16, 2024 11:36 AM

views 40

আজি  ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হ'ব। পঞ্জিকা অনুসৰি আজি নিশা ৮ বাজি ৪০ মিনিটৰ পৰা লক্ষ্মী পূর্ণিমা তিথি আৰম্ভ হৈ কাইলৈ বিয়লি ৪-৫৫ মিনিটত সমাপ্ত হ'ব। গুৱাহাটী মহানগৰীতো বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা কৰা হ'ব। এই উপলক্ষে বজাৰসমূহত ...

October 16, 2024 11:24 AM

views 28

নতুন দিল্লীত ৱাক্‌ফ সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় কমিটীৰ আলোচনা

সংসদৰ উভয় সদনৰ সদস্যক লৈ গঠিত যুটীয়া সংসদীয় কমিটীয়ে কালি নতুন দিল্লীত ৱাক্‌ফ সংশোধনী বিধেয়কক লৈ আলোচনা কৰে। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিধেয়কখন সন্দৰ্ভত সংখ্যালঘু মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰ মৌখিক সাক্ষ্য গ্রহণ কৰা হয়। ৱাক্‌ফ বোৰ্ডৰ কার্যপ্ৰণালীৰ ত্ৰুটি দূৰ কৰা আৰু...

October 16, 2024 11:20 AM

views 21

মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আজি মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। প্রথম পর্যায়ত শ্রীমতী সীতাৰমনে কাইলৈৰ পৰা ২০ অক্টোবৰলৈ মেক্সিকো ভ্ৰমণ কৰিব। তাত তেওঁ গ্ৰাডলজাৰাত হ'বলগীয়া প্ৰযুক্তি বিশেষজ্ঞসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। তেওঁ লগতে মেক্সিকোৰ বিত্ত আৰু ৰাজহ...

October 16, 2024 11:16 AM

views 20

চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ পাকিস্তান ভ্রমণ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ইছলামাবাদত হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ দুদিনীয়া ভ্রমণসূচীৰে ইতিমধ্যে ৰাজধানী ইছলামাবাদত উপস্থিত হৈছে। পাকিস্তানৰ অধ্যক্ষতাত হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ এই...

October 16, 2024 11:14 AM

views 22

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মান নির্ধাৰণ সভাত বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক শলাগ

বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মান নির্ধাৰণ সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শলাগ লৈছে। শ্ৰীমোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভাত ভাৰতীয় মোবাইল সভাৰ অষ্টম সংস্কৰণো মুকলি কৰে। উদ্যোগপতিসকলে ডিজিটেল ...

October 16, 2024 11:10 AM

views 41

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি আজি ম’ৰিটানিয়ালৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি ত্ৰিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি ম'ৰিটানিয়ালৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশখনৰ শীৰ্ষ নেতৃবৰ্গ আৰু প্ৰতিনিধিসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠ...

October 16, 2024 11:06 AM

views 31

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ টা বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা

নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ টা বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা ১৩ নৱেম্বৰত ৱাইনাড সংসদীয় আসনখনৰ বাবেও উপ-নির্বাচন অনুষ্ঠিত হ'ব। অসমৰ ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা আসন ৫ খনৰ বাবেও অ...