October 15, 2024 7:16 PM

views 21

আছাম ট্ৰিবিউন গোষ্ঠীৰ অন্যতম সঞ্চালক সুৰজিৎ‍ গোবিন্দ বৰুৱাৰ দেহাৱসান

বাতৰি কাকত প্রতিষ্ঠান আছাম ট্ৰিবিউন গোষ্ঠীৰ অন্যতম সঞ্চালক সুৰজিৎ‍ গোবিন্দ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। ট্ৰিবিউন বাতৰি কাকতৰ অন্যতম স্বত্বাধিকাৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত মুখ্যম...

October 15, 2024 7:07 PM

views 19

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ৰ উচ্চ উৎপাদনক্ষম লাইশাকৰ জাত আৰু জলকীয়াৰ জাত উদ্ভাৱন

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ে উচ্চ উৎপাদনক্ষম দুটা লাইশাকৰ জাত আৰু এটা জলকীয়াৰ জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়খনৰ উদ্যান বিজ্ঞান বিভাগৰ গৱেষক বিজ্ঞানীয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কাজলি আৰু লাইকা নামৰ লাইশাকৰ দুটা জাত আৰু প্ৰবালী নামৰ জলকীয়াৰ জাত উদ্ভাৱ...

October 15, 2024 7:05 PM

views 37

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন

অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে আজি গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত এটা প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। ৪৩ সপ্তাহৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত গোৱা আৰক্ষীৰ ১৩১ গৰাকী মহিলা আৰক্ষী কনিষ্টবলসহ ৭০০ জন কনিষ্টবলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ...

October 15, 2024 7:04 PM

views 18

মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী

ৰাজ্য চৰকাৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী পালন কৰিছে। ৰাজ্য চৰকাৰে মানসিক ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰামৰ্শৰ বাবে ১৪৪১৬ হেল্পলাইন নম্বৰ মুকলি কৰিছে। দুখ আৰু হতাশাবোধ, অত্যধিক ...

October 15, 2024 7:03 PM

views 24

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন, অসমৰ ৫ টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা

নির্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা আসন ৫ খনৰ বাবে অহা ১৩ নৱেম্বৰত নিৰ্বাচন হ'ব। সেইদিনাখনেই ৱাইনাড সংসদীয় আসনখনৰ বাবেও উপ নি...

October 15, 2024 7:01 PM

views 21

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২ টাকৈ বিষয়ৰ প্ৰশ্ন কাকতৰ পদ্ধতি নতুন হ'ব। বিদ্যালয় শিক্ষা বোর্ডে এ...

October 15, 2024 7:00 PM

views 25

দৰং জিলাৰ দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন

দৰং জিলাৰ ঐতিহাসিক দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন কৰা হৈছে। মথনী উৎসৱৰ লগতে ১৬২৫ চনত স্থাপিত সত্ৰখনত ৪০০ বছৰীয়া জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী উদযাপন কৰা হয়। সাংসদ দিলীপ শ‍ইকীয়াক সভপতি, বিধায়ক ডº পৰমানন্দ ৰাজবংশীক কাৰ্যকৰী সভাপতি হিচাপে লৈ গঠন কৰা সমিতিয়ে এই কা...

October 15, 2024 6:57 PM

views 14

ডাº বসন্ত কুমাৰ বৈশ্যক অতিৰিক্তভাৱে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অর্পণ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগে আজি এটা নিৰ্দেশনাৰ জৰিয়তে অধ্যাপক ডাº বসন্ত কুমাৰ বৈশ্যক অতিৰিক্তভাৱে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অর্পণ কৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শৈল্য স্নায়ু বিভাগৰ অধ্যাপক ডাº বৈশ্য বৰ্তমান গু...

October 15, 2024 6:22 PM

views 18

ডº এ পি জে আব্দুল কালামৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰসিদ্ধ বিজ্ঞানী ডº এ পি জে আব্দুল কালামৰ আজি ৯৩ সংখ্যক জন্ম বার্ষিকী। ডº এ পি জে আব্দুল কালামৰ শিক্ষাৰ প্ৰতি নিষ্ঠাৰ সন্মানার্থে আজিৰ দিনটো বিশ্ব শিক্ষার্থী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল বিষয়বস্তু হৈছে- পৰিৱৰ্তনৰ অভিকৰ্তাৰূপে শিক্ষাৰ্থীসকলৰ সৱলীকৰণ। এই উপলক্ষে প্...

October 15, 2024 6:16 PM

views 19

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থ টু প্লাছ টু অৰ্থাৎ‍ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিদেশ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে আৰু বিদেশ সচিব বিক্ৰম মিশ্রি বৈঠকত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া পক্ষৰ নেতৃত্ব প...