October 16, 2024 8:09 PM

views 13

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদন আহ্বান

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ই...

October 16, 2024 8:04 PM

views 22

বিশ্ব মানসিক স্বাস্থ্য মাহ উপলক্ষে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত

বিশ্ব মানসিক স্বাস্থ্য মাহ উপলক্ষে আজি চৰাইদেউ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত মানসিক স্বাস্থ্য সম্পর্কে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে ১০ অক্টোৰৰ দিনটো বিশ্ব মানসিক দিৱস হিচাপে পালন কৰা হয়। এইবাৰ কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰৰ সময় শী...

October 16, 2024 7:56 PM

views 40

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন উপলক্ষে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

 ৰাজ্যৰ ৫ টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিকেইটাত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ'ব। সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নে...

October 16, 2024 7:52 PM

views 26

অসম চৰকাৰে  ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব

ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। এই উপলক্ষে সবিশেষ যুগুতাই উলিওৱাৰ উদ্দেশ্যে আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠক...

October 16, 2024 7:49 PM

views 25

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন

কাইলৈ কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি, আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে আশীৰ্বাদ গ্রহণ কৰিব। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰবাসীয়েও কাতি বিহু পালন কৰিবলৈ সাজু হৈছে। উল্লেখযোগ্য যে মহানগৰীত বাস কৰা নৱপ্ৰজন্মক অসমীয়া জাতিৰ চহা জীৱনৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিবলৈ বৃহত্তৰ গুৱাহ...

October 16, 2024 7:39 PM

views 26

শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে আজি লক্ষ্মী পূৰ্ণিমাৰ দিনটোত শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন কৰা হয়। এই উপলক্ষে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানত অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজলন কৰি বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা...

October 16, 2024 7:12 PM

views 25

ৰাজ্যৰ বিভিন্ন ঠাইত ঐশ্বর্য বিভূতিৰ কামনাৰে ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজাৰ আয়োজন

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হৈছে। পঞ্জিকা অনুসৰি আজি নিশা ৮ বাজি ৪০ মিনিটৰ পৰা লক্ষ্মী পূর্ণিমা তিথি আৰম্ভ হৈ কাইলৈ বিয়লি ৪ বাজি ৫৫ মিনিটত সমাপ্ত হ'ব। গুৱাহাটী মহানগৰীতো বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে বজা...

October 16, 2024 6:50 PM

views 38

তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সদ্ভাৱনা-থ্রি পইণ্ট জিৰো শীৰ্ষক সভা অনুষ্ঠিত

ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কাম-কাজসমূহ সময়মতে আৰু সূচাৰুৰূপে সম্পন্ন কৰিবলৈ অসম চৰকাৰে আৰম্ভ কৰা সম্ভাৱনা শীৰ্ষক প্ৰকল্পৰ অধীনত সকলো চৰকাৰী কাৰ্যালয়সমূহ কাগজবিহীন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উপলক্ষে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সদ্ভাৱনা-থ্রি পইণ্ট জিৰো শীৰ্ষক এখন সভা অনুষ্ঠিত...

October 16, 2024 6:46 PM

views 35

উৎকোচ লোৱাৰ অপৰাধত আবকাৰী বিভাগৰ অধীক্ষক কাৰ্যালয়ৰ এজন বিষয়াক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি জনতা ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত উৎকোচ লোৱা অৱস্থাত আবকাৰী বিভাগৰ অধীক্ষক কাৰ্যালয়ৰ পাৰ্থ হাজৰিকা নামৰ এজন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। হাজৰিকাই বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা উৎকোচ দাবী কৰিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত লোকজনে বিভাগত গোচৰ ৰুজু ক...

October 16, 2024 6:41 PM

views 29

বৰপেটাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসক হিচাপে ৰাইজক সেৱা আগবঢ়োৱাৰ শপত গ্ৰহণ

বৰপেটাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২০২৪-২৫ বৰ্ষত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসক হিচাপে আগন্তুক দিনবোৰত ৰাইজক সেৱা আগবঢ়োৱাৰ শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু, বৰপেটা জিলা আয়ুক্তসহ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যাপকসকল...