October 17, 2024 11:31 AM

views 17

ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ত আলোচনাচক্র, কর্মশালা, কুইজ, ৰচনা প্রতিযোগিতাৰ লগতে অন্যান্য প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ত আলোচনাচক্র, কর্মশালা, কুইজ, ৰচনা প্রতিযোগিতাৰ লগতে অন্যান্য প্রতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যৰ নাগৰিক সমাজক ইয়াৰ সৈতে জড়িত কৰাবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলক আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাজ্য চৰকাৰে অহা ৩ৰ ...

October 17, 2024 11:25 AM

views 37

আজি কাতি বিহু, ৰাজ্যবাসীলৈ  অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে সেৱা জনাব। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱ...

October 17, 2024 11:16 AM

views 16

বৰষুণৰ বাবে বাতিল ভাৰত আৰু নিউজিলেণ্ড টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম দিনৰ খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ খেল কালি বৰষুণৰ বাবে বাতিল হোৱা পাছত আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ হ'ব। বাংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখন আজি নিৰ্ধাৰিত সময়ৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্প...

October 17, 2024 11:13 AM

views 15

ভাৰতীয় খো খো ফেডাৰেচনৰ অহা বছৰ নতুন দিল্লীত হ’বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰতীকচিহ্ন আৰু টেগলাইন মুকলি

ভাৰতীয় খো খো ফেডাৰেচন, কে কে এফ আই-য়ে অহা বছৰ নতুন দিল্লীত হ'বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰতীকচিহ্ন আৰু টেগলাইন মুকলি কৰিছে। ইন্দিৰা গান্ধী ষ্টেডিয়ামত অহা ১৩ৰ পৰা ১৯ জানুৱাৰীলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খা...

October 17, 2024 11:08 AM

views 24

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু চীনৰ হান য়ুৰ সন্মুখীন

অলিম্পিক পদক বিজেতা পি ভি সিন্ধু আজি ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ'ব।

October 17, 2024 11:05 AM

views 29

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগৰ কোনো শক্তিশালী প্রমাণ নাছিল বুলি কানাডাৰ প্ৰধানমন্ত্রীৰ স্বীকাৰ

কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডোই প্ৰাৰম্ভিক অৱস্থাত ভাৰত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ সময়ত দেশখনৰ ওচৰত এই অভিযোগৰ সপক্ষে কোনো শক্তিশালী প্রমাণ নাছিল বুলি স্বীকাৰ কৰিছে। বিদেশী হস্তক্ষেপ তদন্তৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিয...

October 17, 2024 11:00 AM

views 29

নতুন দিল্লীত আজিৰে পৰা নিটি আয়োগৰ দুদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মিথানল আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীত আজিৰে পৰা নিটি আয়োগে দুদিনীয়াকৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মিথানল আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে৷ আমেৰিকাৰ মিথানল প্ৰতিষ্ঠানৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মিথানল উৎপাদন, প্ৰয়োগ আৰু ইয়াৰ প্ৰযুক্তিগত বিকাশৰ সৈতে জড়িত প্ৰকল্প, সামগ্ৰী আৰু গৱেষণা আৰু উন্নয়নৰ...

October 17, 2024 10:57 AM

views 54

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী ...

October 17, 2024 10:52 AM

views 29

দেশৰ বিভিন্ন প্ৰান্তত মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী ‘বাল্মিকী জয়ন্তী’ উদযাপন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰামায়ণৰ ৰচক মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী 'বাল্মিকী জয়ন্তী' হিচাপে উদযাপন কৰা হৈছে। মহর্ষি বাল্মিকীক ‘আদি কবি' বা সংস্কৃত ভাষাৰ প্ৰথম কবি হিচাপে জনা যায়। বাল্মিকী পন্থাৰ সদস্যসকলে তেওঁক ঈশ্বৰৰ দূত হিচাপে শ্ৰদ্ধা কৰি অতি ভক্তিৰে 'পৰ্গত দিৱস' পালন কৰে। এই উপলক্ষে 'চোভা যা...

October 17, 2024 10:49 AM

views 17

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিঙ দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব

বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিঙে আজি একেৰাহে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। পঞ্চকূলাৰ শালিমাৰ গ্ৰাউণ্ডত আয়োজিত শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্রীসিঙে কালি ৰাজ্যপাল বন্...