October 17, 2024 7:50 PM

views 23

নায়ব সিং ছইনি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত

বিজেপি নেতা নায়ব সিং ছইনিকে আজি পঞ্চকুলাৰ শ্বালিমাৰ গার্ডেনত আয়োজিত শপত গ্রহণ অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। হাৰিয়ানাৰ ৰাজ্যপাল বাণ্ডাৰু দত্তাত্ৰেয়ই তেওঁক প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। শ্ৰী নায়ব সিঙৰ সৈতে...

October 17, 2024 6:40 PM

views 24

ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে

ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৱে তদন্ত আয়োগৰ ওচৰত কৰা সাক্ষ্য দান সন্দৰ্ভত সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছৱালে কয় যে তেওঁৰ বক্তব্যই ভাৰতে ইমা...

October 17, 2024 6:35 PM

views 27

ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰৰ পৰা নতুন বিমান সেৱা আৰম্ভ

ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰত নতুন সেৱা আৰম্ভ হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্রী শ্রীশর্মাই কয় যে, এই বিমান বন্দৰযোগে পশ্চিম অসমৰ অঞ্চলসমূহৰ বাবে সুন্দৰ সুযোগ সুবিধা সৃষ্টি কৰি গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আগবঢ়াব। সূচল বিমান যাতায়তৰ বাবে ৰূপস...

October 17, 2024 6:30 PM

views 37

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ ল...

October 17, 2024 5:48 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হৈছে। দেশখন ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকী মলাৱিৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক...

October 17, 2024 8:31 PM

views 12

ভাষা, সাহিত্য, শিল্প, আধ্যাত্মিকতা আদিয়ে এটা জাতিৰ সাংস্কৃতিক পৰিচয়ৰ গঢ় দিয়েঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাষা, সাহিত্য, শিল্প, আধ্যাত্মিকতা আদিয়ে এটা জাতিৰ সাংস্কৃতিক পৰিচয়ৰ গঢ় দিয়ে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে কয়। ভগৱান বুদ্ধৰ শিক্ষালৈ আঙুলিয়াই তেওঁ কয় যে ভাৰতে অমৃত কাল নামেৰে পৰিচিত এটা পৰিৱৰ্তনশীল ...

October 17, 2024 7:29 PM

views 24

অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান

উচ্চতম ন্যায়ালয়ে আজি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি ৰায়দান কৰে। নাগৰিকত্ব আইনৰ ৬(ক) নম্বৰ দফা অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। অসম সন্মিলিত মহাসংঘৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্রহণ কৰিছিল। মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়...

October 17, 2024 11:46 AM

views 20

মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ

ভাৰত আজি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলৰ অধিনায়ক আশালতা দেৱীয়ে আজি দেশৰ হৈ তেওঁৰ খেলুৱৈ জীৱনৰ এশসংখ্যক খেলত ভাগ ল'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ১৫ মিনিটত আৰম্ভ হ'ব।

October 17, 2024 11:41 AM

views 38

অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত ১৩ নৱেম্বৰত উপ নির্বাচন

ৰাজ্যৰ ৫টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিকেইটাত বিজেপি, কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ, তৃণমূল কংগ্ৰেছ, বিপিএফ, ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা বিধানসভাৰ আসন ৫ খনৰ বাবে অহা ১৩ ন...

October 17, 2024 11:34 AM

views 27

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত গ্ৰন্থ উৎসৱৰ আজিৰ কাৰ্যসূচীত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত অসম প্ৰকৃতি আৰু ঐতিহ্যদ্যুতি শীৰ্ষক বক্তৃতানুষ্ঠান

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ১০-দিনীয়াকৈ আয়োজিত গ্ৰন্থ উৎসৱৰ আজিৰ কাৰ্যসূচীত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত অসম প্ৰকৃতি আৰু ঐতিহ্যদ্যুতি শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি দিনৰ ১১ বজাত আয়োজিত এই অনুষ্ঠানত আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইন্দ্ৰ...