October 21, 2024 12:09 PM

views 33

আজি বিশ্ব আয়’ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস

আজি বিশ্ব আয়'ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনসাধাৰণক আয়'ডিনৰ অভাৱত হোৱা বিসংগতিসমূহ প্ৰতিৰোধ কৰিবলৈ আয়'ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, দৈনিক প্ৰতিগৰাকী ব্যক্তিৰ বাবে ১৫০ মাইক্ৰ'গ্ৰাম আয়'ডিনৰ প্ৰয়োজন হয়...

October 21, 2024 12:07 PM

views 39

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে কালি ৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চাম...

October 21, 2024 12:04 PM

views 14

শিৱসাগৰৰ অনুষ্ঠিত নৱম গ্ৰন্থমেলাত উৰুলি কাশ্যপৰ দুখন গ্ৰন্থ উন্মোচন

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কালি অনুষ্ঠিত নৱম গ্ৰন্থমেলাত লেখিকা উৰুলি কাশ্যপৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ডº মাধুৰ্য মণ্ডিত বৰুৱাই সাহিত্য প্ৰাচ্য-প্রতীচ্য আৰু শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে চিঠি এখন লিখিবনে আপুনি শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে। উল্লেখযোগ্য যে গ্ৰন্থ উন্মোচনী সভাত...

October 21, 2024 12:01 PM

views 16

আকাশবাণীৰ যুৱবাণীৰ সংগীত শিল্পীৰ বাবে অফলাইন আবেদন ব্যৱস্থা মুকলি

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ই...

October 21, 2024 11:57 AM

views 14

আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা আলোচনা সম্প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডিজিটেল জীৱিত থকাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০...

October 21, 2024 11:55 AM

views 30

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত লক্ষন সিঙৰ সোণৰ পদক অৰ্জন

ৰাজস্থানৰ লক্ষন সিঙে কালি পানাৰ্জীৰ ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত ওড়িশাৰ কমল কান্তে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে হাৰিয়ানাৰ বলৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে এছ-ফাইভ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ওড়িশাৰ নৰ হৰিয়ে সোণৰ, অন্ধ্ৰপ্...

October 21, 2024 11:53 AM

views 25

অলমেটি অ’পেন ২০২৪ এটিপি- ২৫০ টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছত অৰ্জুন কাধে আৰু ঋত্বিক বল্লিপাল্লিয়ৰ খিতাপ অৰ্জন

ভাৰতৰ অৰ্জুন কাধে আৰু ঋত্বিক বল্লিপাল্লিয়ে কালি কাজাখস্থানত আয়োজিত অলমেটি অ'পেন ২০২৪ এটিপি-২৫০ টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছ শাখাৰ খিতাপ অৰ্জন কৰিছে। কাধে আৰু বল্লিপাল্লিয়ে কলম্বিয়াৰ নিক'লাছ বেৰিয়নটছ আৰু টিউনিছিয়াৰ স্কেন্দাৰ মনচৌৰিক ছুপাৰ টাইব্ৰেকাৰত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। ভাৰতীয় টে...

October 21, 2024 11:40 AM

views 17

কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ উড়ি অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত জম্মু-কাশ্মীৰৰ আৰক্ষী তথা ভাৰতীয় সেনাৰ যুটীয়া বাহিনীয়ে চলোৱা অনুপ্রবেশ বিৰোধী অভিযানত সন্ত্ৰাসবাদী কেইটামানৰ সন্দেহজনক চ...

October 21, 2024 11:37 AM

views 49

চলিত বৰ্ষৰ আগষ্ট মাহত মুঠ ১৮ লাখ ৫৩ হাজাৰ সদস্য পঞ্জীয়ন ই পি এফ অ’ই

কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা ই পি এফ অ’ই চলিত বৰ্ষৰ আগষ্ট মাহত ১৮ লাখ ৫৩ হাজাৰ মুঠ সদস্য পঞ্জীয়ন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই মাহটোত ৯ লাখ ৩০ হাজাৰ নতুন সদস্যই নিজৰ নাম পঞ্জীয়ন কৰে। নতুন সদস্যসকলৰ ভিতৰত ২ লাখ ৫৩ হাজাৰ মহিলা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বৰ্ধিত নিয়োগৰ সুবিধা, কৰ্মচাৰী ল...

October 21, 2024 11:28 AM

views 51

মালদ্বীপত ভাৰতৰ ইউ পি আইৰ সুবিধা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ দেশখনৰ ৰাষ্ট্ৰপতিৰ

মালদ্বীপৰ ৰাষ্ট্ৰপতি ডº মহম্মদ মুইজ্জুৱে দেশখনত ভাৰতৰ উমৈহতীয়া ধনাদায় মঞ্চ ইউ পি আইৰ সুবিধা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ঘোষণা কৰা অনুসৰি কেবিনেটৰ পৰামৰ্শমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে মালদ্বীপৰ অৰ্থনীতিত বিত্তীয় অন্তৰ্ভুক্তি, লেনদেনত উন্নত সুবি...