October 21, 2024 7:33 PM

views 30

মেক্সিকোত অনুষ্ঠিত বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ দীপিকা কুমাৰী ৰূপৰ পদক অৰ্জন

মেক্সিকোত চলি থকা বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ দীপিকা কুমাৰীয়ে মহিলাৰ ৰিকাৰ্ভ শাখাত ৰূপৰ পদক অৰ্জন কৰিছে। ফাইনেলত দীপিকা কুমাৰী চীনৰ লী জিয়ামেনৰ হাতত পৰাস্ত হয়। দীপিকাই ছেমিফাইনেলত মেক্সিকোৰ আলেজেণ্ড্ৰা ভেলেনছিয়াক ৬-৪ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় ধনুর্বিদ গ...

October 21, 2024 7:31 PM

views 9

কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত ‘আৰক্ষী স্মৃতি দিৱস’ পালন

দেশ আৰু জাতিৰ হকে প্ৰাণ আহুতি দিয়া জোৱানসকলক স্মৰণ কৰি অসম আৰক্ষীয়ে আজি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত আৰক্ষী স্মৃতি দিৱস পালন কৰে। এই দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। অন...

October 21, 2024 7:30 PM

views 11

বৰপেটাত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত আজি বৰপেটাত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি কৰা হয়। ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত থকা বৰপেটা কেন্সাৰ কেয়াৰ চেণ্টাৰত স্থাপন কৰা মহাবিদ্যালয়খন ৰাজ্যৰ পৰিবহণ, বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে...

October 21, 2024 7:28 PM

views 24

ৰাজ্যত হ’বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি; বিজেপি-কংগ্ৰেছ-ইউপিপিএলৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। ইতিপূর্বে শাসকীয় বিজেপিয়ে ৩টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উপ-নির্বাচনৰ বাবে ৩২ নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ হৈ দ...

October 21, 2024 7:27 PM

views 29

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত যুৱকৰ শিৱসাগৰ থানাত আত্মসমৰ্পণ

যোৱা ৫ আৰু ৬ অক্টোবৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এজন অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত থকা এজন যুৱকে আজি শিৱসাগৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। শিৱসাগৰৰ ধাইআলিৰ বাসিন্দা জৰিফত আহমেদ নামৰ যুৱকজনৰ শিৱসাগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত অন্য চাৰিজন যুৱকক আৰক্ষীয়ে কৰায়ত্...

October 21, 2024 7:25 PM

views 7

জাপানীজ এনচেফেলাইটিছৰ প্ৰাপ্তবয়স্ক টীকাকৰণ অভিযানৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

জাপানীজ এনচেফেলাইটিছৰ প্ৰাপ্তবয়স্ক টীকাকৰণ অভিযানৰ বাবে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা কর্মবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। সভাখন মুকলি কৰি স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তই সকলো অংশীদাৰক আদৰণি জনায়। সভাত চলিত বৰ্ষৰ ১৫ নৱেম্বৰত আৰম্ভ কৰিবলগীয়া টীকাকৰণ অভিযানত প্রাপ্ত বয়স্ক সকলো ব্...

October 21, 2024 12:31 PM

views 19

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পুলিচ স্মাৰকত অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

আজি আৰক্ষী স্মৃতি দিৱস। এই উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পুলিচ স্মাৰকত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশৰ আৰক্ষী জোৱানসকলৰ বলিদানক স্মৰণ কৰি শ্ৰী শ্বাহে কয় যে, যোৱা দশকত আমাৰ বীৰ জোৱানসকলৰ প্ৰচেষ্টাত জম্মু-কাশ্মীৰ, উত্তৰ-পূব আৰু বাওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত হোৱা অঞ্চলসমূহত ...

October 21, 2024 12:29 PM

views 28

বাগৰুম্বাৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’বলৈ সদৌ অসম বাথৌ মহাসভাৰ প্ৰচেষ্টা

সদৌ অসম বাথৌ মহাসভাই ৰাজ্যৰ অন্যতম জনগোষ্ঠী বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বাৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ প্ৰচেষ্টা হাতত লৈছে। মুঠ ৪০ হাজাৰ নাচনীয়ে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ একেলগে নৃত্য প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে আখৰা চ...

October 21, 2024 12:18 PM

views 18

অহা ৩০ অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰৱণ যন্ত্ৰ বিতৰণ

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অহা ৩০ অক্টোবৰত শ্ৰৱণেন্দ্ৰিয় বাধাগ্ৰস্ত লোকৰ বাবে শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হ'ব। এই উদ্দেশ্যে সংশ্লিষ্ট লোকসকলক চিকিৎসালয়খনত কাণৰ পৰীক্ষা কৰাই প্রতিবেদন জমা দিবলৈ বিভাগীয় কর্তৃপক্ষই আহ্বান জনাইছে। উল্লেখযোগ্য যে কাণেৰে নুশুনা লোকে বিপিএলকার্ড, আধাৰ কাৰ্ড, দুকপ...

October 21, 2024 12:14 PM

views 30

NAAC ৰ মূল্যায়নত শদিয়া আৰু নলবাৰী মহাবিদ্যালয়ৰ ক্ৰমে বি-গ্রেড আৰু বি-ডাবল প্লাছ গ্ৰেড লাভ

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ- NAAC ৰ মূল্যায়নত শদিয়া মহাবিদ্যালয়ে ২ দশমিক ৪ CGPA ৰে বি-গ্রেড লাভ কৰিবলৈ সমৰ্থ হৈছে। আনহাতে নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ে ২ দশমিক ৮-৫ CGPA ৰে বি-ডাবল প্লাছ গ্ৰেড লাভ কৰে।এই সাফল্যৰ বাবে শিক্ষা মন্ত্রী ডাº ৰণোজ পেগুৱে দুয়োখন মহাবিদ...