October 24, 2024 9:00 PM

views 16

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ ৬,৭৯৮ কোটি টকাৰ দুটা ৰে’ল প্ৰকল্পত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে আজি যোগাযোগ ব্যৱস্থা উন্নীতকৰণ, যাত্ৰা সুচল কৰি তোলা আৰু পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে ৬ হাজাৰ ৭৯৮ কোটি টকাৰ দুটা ৰে'ল প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পৰ দ্বাৰা উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্ত অঞ্চলত ৰে'ল যোগাযোগ উন্নত হ'ব বুল...

October 24, 2024 8:59 PM

views 15

অহা ২৭ অক্টোবৰত গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অহা ২৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্রহণ কৰিব। এই ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে।

October 24, 2024 8:57 PM

views 18

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫গৰাকী অধ্যাপক

ষ্টেনফর্ড বিশ্ববিদ্যালয়ে প্রস্তুত কৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচগৰাকী অধ্যাপকৰ নাম অন্তৰ্ভুক্ত হৈছে। বিভিন্ন মাপকাঠিৰ ভিত্তিত প্ৰস্তুত কৰা এই তালিকাত ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্রদীপ কুমাৰ ফুকন আৰু একে বিভাগৰে প্ৰাক্তন অধ্যাপক কৃষ্ণগোপাল ভট্টাচার্য আৰু ...

October 24, 2024 8:55 PM

views 15

অহা ২৭ অক্টোবৰত হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

অহা ২৭ অক্টোবৰ দেওবাৰে হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতিখন জিলাৰ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, এই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰচেষ্...

October 24, 2024 8:52 PM

views 29

গুৱাহাটী-ধুবুৰীত মহানগৰ আৰক্ষীৰ অভিযান, নগদ ধনসহ ৭ ডকাইতক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত ডকাইতিৰ ঘটনা সংঘটিত কৰাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে এটা ডকাইতৰ দলৰ ৭টা সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গণেশুগুৰি আৰু ধুবুৰীৰ বিলাসীপাৰাত অভিযান চলাই এই লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰে ৪ লাখ টকাৰো অধিক নগদ ধন, ১১০টা পুৰণি মুদ্ৰাকে ধৰি অন্যান্য সামগ্রী জব্দ কৰিছে...

October 24, 2024 8:51 PM

views 10

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰভাৱত ৰাজ্যত বতৰ ডাৱৰীয়া, কোনো কোনো ঠাইত পাতলীয়া বৰষুণ

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱত অসমত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে আজি নিশা বা কাইলৈ নিচেই পুৱা এই বতাহজাকে ওড়িশাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে। বিভাগে বতাহজাক প্রতি ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগে...

October 24, 2024 8:50 PM

views 16

মিছন বসুন্ধৰা ৰূপায়ণ সন্দৰ্ভত ধুবুৰী জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত সজাগতা সভা

মিছন বসুন্ধৰা তৃতীয় পৰ্যায় ৰূপায়ণ সন্দৰ্ভত আজি ধুবুৰী জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই কয় যে, সজাগতাৰ অভাৱৰ বাবেই বহু খিলঞ্জীয়া লোক এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে। জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা ৰূপায়ণৰ বাবে সমজিলাসমূহকে ধৰি বিভিন...

October 24, 2024 8:49 PM

views 12

যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী সংৰক্ষণৰ কৌশল কেন্দ্ৰ মুকলি

যোৰহাট জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন মিছনৰ অধীনত পানী সংৰক্ষণৰ এটা কৌশল কেন্দ্ৰ আজি নিজ কার্যালয়ৰ চৌহদত মুকলি কৰে। কেন্দ্ৰটো মুকলি কৰি অতিৰিক্ত আয়ুক্তই কয় যে, এই কেন্দ্ৰটোৰ জৰিয়তে জনসাধাৰণে পানী সংৰক্ষণৰ সহজ কৌশল আয়ত্ব কৰিব পাৰিব। ইয়াৰ জৰিয়তে জলসংকট দূৰ কৰাত সহায় হ'ব বুলি তেওঁ আশা ...

October 24, 2024 8:47 PM

views 10

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেচত নিউজিলেণ্ডৰ ২৫৯ ৰানত প্ৰথম ইনিংছ সমাপ্ত, ভাৰতৰ ১৬ ৰান সংগ্ৰহ

পুনেত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি প্রথম দিনা নিউজিলেণ্ডে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে ৭টা উইকেট আৰু ৰবিচন্দ্রন অশ্বিনে তিনিটা উইকেট দখল কৰে। টছত জিকি প্রথমে বেটিং কৰা নিউজিলেণ্ডৰ হৈ ডে...

October 24, 2024 8:46 PM

views 6

ভাৰত-চীনৰ নিয়ন্ত্ৰণৰেখাৰ বিবাদ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপ হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে, ভাৰত আৰু চীনে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নিৰ্দিষ্ট অঞ্চলৰ বিবাদসমূহ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপত মিলিত হোৱা উচিত। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা আলোচনা ২০২৪ৰ মুকলি অনুষ্ঠানত শ্ৰী সিঙে কয় যে, দুয়োপক্ষৰ পাৰস্পৰিক আৰু সমান নীতিৰ আধাৰ...