November 1, 2024 8:25 PM

views 22

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেৰ পাক্কে ব্যাঘ্র অভয়াৰণ্যত পখিলা উদ্যান মুকলি

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেই আজি পাক্কে ব্যাঘ্র অভয়াৰণ্যত এখন পখিলা উদ্যান মুকলি কৰে। পাক্কে কেচাং জিলাৰ চেইজোছাৰ পশ্চিম দিশত বন শিৱিৰৰ এই উদ্যানখনে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব আৰু অঞ্চলটোত পৰিৱেশ অনুকূল পৰ্য্যটনত উদগনি যোগাব। ...

November 1, 2024 8:20 PM

views 40

ভাৰত আৰু আলবেনিয়াৰ মাজত তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত

ভাৰত আৰু আলবেনিয়াৰ মাজত কালি তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত দুয়ো পক্ষই বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত পৰ্য্যালোচনা চলায়। এই দ্বিপাক্ষিক আলোচনাত ৰাজনৈতিক সম্বন্ধ, বাণিজ্য, সাংস্কৃতিক সম্বন্ধ আৰু জনসাধাৰণৰ সম্বন্ধৰ লেখিয়া বিষয়সমূহ সামৰি লোৱা হয়। আন্তঃ...

November 1, 2024 8:17 PM

views 26

স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি

স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি পাইছে। বানৰ ফলত ভালেসংখ্যক লোক সন্ধানহীন হৈ আছে। ৮ ঘণ্টা ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ৱালেন্‌চিয়া আৰু মলাগাৰ দৰে চহৰ বানৰ কৱলত পৰিছে আৰু বাঢ়নি পানীৰ ফলত জনসাধাৰণ ঘৰ আৰু বাহনত আৱদ্ধ হৈ পৰিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো চাঞ্চেজে জনসাধ...

November 1, 2024 8:14 PM

views 27

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদনৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষে...

November 1, 2024 8:11 PM

views 35

ভাৰত আৰু চীনৰ সৈনিকৰ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ

ভাৰত আৰু চীনৰ সৈনিকসকলে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ডেমচ’ক এলেকাত টহল পুনৰ আৰম্ভ হৈছে। উভয় দেশৰ সৈনিকৰ মাজত ২০২০ চনৰ এপ্ৰিলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছৰে পৰা অঞ্চলটোত টহল ব্যৱস্থা বন্ধ আছিল আৰু প্ৰায় চাৰে চাৰি বছৰৰ পাছত এই ব্যৱস্থা পনৰ আ...

November 1, 2024 7:58 PM

views 26

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে বৰ্তমানলৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ'ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও ন...

November 1, 2024 7:57 PM

views 33

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক অসম পেৰালিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

অসম পেৰালিম্পিক সন্থাই সদ্যসমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক আজি খানাপাৰাত আয়োজিত এটা অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্রতিযোগিতাত দুটা সোণ জয় কৰা কৃষ্ণা দাস, এটা সোণ লাভ কৰা সূৰ্য শ‍ইকীয়াক আজি সম্বৰ্দ্ধনা জনোৱা হয়। আনহাতে, তিনিটা ৰ...

November 1, 2024 7:51 PM

views 25

অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰত নামতিত নতুন প্রতিভা বাছনি শিবিৰ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পোর্টছ একাডেমীয়ে সহযোগিতা কৰিবলগী...

November 1, 2024 7:49 PM

views 40

অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ ডুলিয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ ডুলিয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্রহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বা...

November 1, 2024 7:47 PM

views 10

কাইলৈ দিনজোৰা কাৰ্যসূচীৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

কামৰূপ জিলাৰ হাজো অঞ্চলৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান কাইলৈ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মহাজত জয়ন্তী উপলক্ষে কাইলৈ পুৱাৰ ভাগত অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পতাকা উত্তোলন কৰিব। অভিনেতা চম্পক শৰ্মাই বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন ...