November 1, 2024 7:46 PM

views 33

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতত অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত তদাৰকী আৰু দুর্নীতি নিবাৰণী সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত...

November 1, 2024 7:43 PM

views 38

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ২ বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ এটা দলে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত দুজন বাংলাদেশী নাগৰিকক আটক কৰে। পৰৱৰ্ত্তী সময়ত দুয়োজন লোকক সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে। অসম আৰক্ষীয়ে অনুপ্রবেশ ৰোধৰ ক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰয়াসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শলাগ লয়৷

November 1, 2024 7:40 PM

views 15

প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি কাইলৈ কিতাপৰ দিন উদযাপন কৰা হ’ব

বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ, অভিনেতা, নাট্যকাৰ তথা পৰিচালক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি কাইলৈ কিতাপৰ দিন উদযাপন কৰা হ'ব। গুৱাহাটীৰ উজানবজাৰত থকা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সন্ধিয়া ৬ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সাংবাদিক নিত্য বৰা মুখ্য অতিথি হিচাপে উপস্থিত থা...

November 1, 2024 7:36 PM

views 20

দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ

সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি গোলাঘাটৰ বোকাখাত সমজিলাৰ কুৰুৱাবাহী পঞ্চায়তৰ নগয়া পামত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। আজিৰ উদ্বোধনী অনুষ্ঠানত ডিজিটেল এপৰ জৰিয়তে কিছুসংখ্যক পশুপালকৰ তথ্য পঞ্জীভুক্ত কৰ...

November 1, 2024 7:34 PM

views 25

অহা বছৰৰ মে’ মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্রী

অহা বছৰৰ মে' মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ'ব। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰৰ্জত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে এই নিযুক...

November 1, 2024 7:31 PM

views 13

কাৰ্বি সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান ৰংকেৰ পূজাৰ দিনটোত প্ৰতি বছৰে ৫ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধৰ দিন ঘোষণা

কাৰ্বি সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান ৰংকেৰ কাকলী বা ৰংকেৰ পূজাৰ দিনটোত প্ৰতি বছৰে ৫ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধৰ দিন ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্যপালৰ অনুমোদন মৰ্মে এখন অধিসূচনা জাৰি কৰিছে। ইফালে গাৰো সম্প্ৰদায়ৰ উৎসৱ ৱাং আলা উপলক্ষে ৭ নৱেম্বৰৰতো ৰা...

November 1, 2024 7:29 PM

views 25

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। এই বিশেষ ছুটিত কৰ্মচাৰীসকলে ৭ নৱেম্বৰ-ঘট পূজা, ৯ নৱেম্বৰ-মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰকো সামৰি নিজৰ পিতৃ-মাতৃ তথা শাহু-শহুৰকো সেৱা শুশ্ৰুষা আগবঢ়াব পাৰিব। ইয়াৰ ওপৰিঞ্চিভা...

November 1, 2024 7:26 PM

views 30

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী কালিৰে পৰা পালন কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী আৰু কালী পূজা উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্রমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ নিউ মার্কেট কালী পূজাস্থলীত উপস্থিত হৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। ইপিনে, দীপাৱলী উপলক্...

November 1, 2024 7:25 PM

views 48

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত আজি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ...

November 1, 2024 6:32 PM

views 17

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি ৩ নৱেম্বৰত অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতা

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি ৩ নৱেম্বৰৰ দিনা পুৱা ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীর্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰ...