November 4, 2024 1:02 PM

views 25

উত্তৰাখণ্ডত এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি এখন যাত্রীবাহী বাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাৰোৱালৰ পৰা কুমাও অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৪০ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ' খাৱৈত বাগৰি পৰাৰ ...

November 4, 2024 1:00 PM

views 25

ডº অৰবিন্দ পানাগাৰিয়াসহ এটা প্ৰতিনিধি দল চাৰি দিনীয়া ভ্ৰমণসূচীলৈ আজি নাগালেণ্ডলৈ ৰাওনা

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডº অৰবিন্দ পানাগাৰিয়াসহ এটা প্ৰতিনিধি দল আজি চাৰি দিনীয়া ভ্ৰমণসূচীলৈ নাগালেণ্ডলৈ যাব। প্রতিনিধি দলটোৱে ৰাজ্যখনৰ বিত্তিয় আঁচনি আৰু উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পর্যালোচনা কৰিব। বিত্ত আয়োগৰ প্ৰতিনিধি দলটোৱে কহিমাত মুখ্যমন্ত্রী নেইফিউ ৰিঅ' আৰু তেওঁৰ মন্ত্ৰী সভাৰ সদ...

November 4, 2024 12:53 PM

views 22

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা জিয়াৰুল ইছলামক অন্ধ্র প্রদেশত কৰায়ত্ব

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা ১১ অক্টোবৰৰ নিশা পলায়ন কৰা পাঁচজন কয়দীৰ অন্যতম জিয়াৰুল ইছলামক কালি অন্ধ্র প্রদেশত মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰে। মৰিগাঁও আৰক্ষীৰ এটা দলে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ চুল্লুৰুপেটা থানাৰ অন্তৰ্গত এটা গোপন স্থান অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই জিয়াৰুল ইছ...

November 4, 2024 12:52 PM

views 17

লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাত পংকজ শৰ্মা আৰু চিৰঞ্জীত দত্ত চূড়ান্ত বিজয়ী সন্মান লাভ

বিশ্ববৰেণ্য শিল্পী ডº ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডº বাণীকান্ত কাকতি প্রেক্ষাগৃহত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কুইজ প্রতিযোগিতা...

November 4, 2024 12:50 PM

views 22

ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত কালি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি ...

November 4, 2024 12:47 PM

views 29

অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক...

November 4, 2024 12:45 PM

views 30

কলম্বিয়াত অনুষ্ঠিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত ষোড়শ বৈঠকৰ সামৰণি

জৈৱ বিচিত্ৰতা সুৰক্ষাৰ ক্ষেত্ৰত আফ্ৰিকীয় মূলৰ সম্প্ৰদায়সমূহৰ অত্যাৱশ্যকীয় ভূমিকাৰ উল্লেখযোগ্য স্বীকৃতিৰ সৈতে কলম্বিয়াৰ কলিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত সন্মিলন চি অ' পি 16 ৰ গোটসমূহৰ অধিবেশনৰ ষোড়শ বৈঠকৰ অন্ত পৰে। চি অ' পি 16-ৰ অধ্যক্ষ সুশানা মহম্মদ আৰু কলম্বিয়াৰ বিদেশ মন্ত্রী লুইছ গিলৱাৰ্টো...

November 4, 2024 12:42 PM

views 22

বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ ৪ টা সোণৰ পদকসহ মুঠ ১৭টা পদক লাভ

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক'ল'ৰাডত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ৪টা সোণৰ পদকসহ মুঠ ১৭টা পদক লাভ কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাত অনুষ্ঠিত এই প্রতিযোগিতাত ভাৰতৰ মুঠ ১৯ গৰাকী বক্সাৰে ভাগ লৈছে। ভাৰতৰ হৈ হেমন্ত ছংৱানে পুৰুষৰ শাখাত সোণৰ পদক লাভ কৰাৰ লগতে কৃষ্ণা বার্মা, পাৰ্থৰী গ্ৰ...

November 4, 2024 12:40 PM

views 37

চেন্নাইত আজিৰে পৰা চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ

চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত আজি চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। ১৬ নৱেম্বৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত ৩১টা দলে ভাগ ল'ব। এই দলসমূহক ৮টা পুলত ভাগ কৰা হ'ব। লীগ পৰ্যায়ত দলসমূহে নিজৰ পুলৰ প্ৰতিযোগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিটো পুলত শীৰ্ষস্থান লাভ কৰা দলকেই...

November 4, 2024 12:38 PM

views 15

আকাশবাণীৰ পাব্লিক স্পীকত আজি চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ, এই সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ সঞ্চালক ৰূপা এম আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী...