November 4, 2024 6:31 PM

views 59

উপ-নির্বাচনৰ বাবে শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহৰ সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভা

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰিছে। মন্ত্রী পীযূষ হাজৰিকাই বিহালী সমষ্টিৰ কেইবাটাও অঞ্চলত বিজেপিৰ মনোনীত প্ৰাৰ্...

November 4, 2024 6:20 PM

views 31

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে চলিত ৰঞ্জী ট্ৰফী শৃংখলাই তেওঁৰ অন্তিমখন খেল হ'ব। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাৰ পাছত পশ্চিমবংগৰ ৪০ বছৰীয়া উইকেটকীপাৰগৰাকীয়ে ৪০খন টেষ্ট আৰু ৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰে। খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যমৰ এটা প...

November 4, 2024 6:16 PM

views 25

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন পাব্লিক স্পীক অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ, এই সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ সঞ্চালক ৰূপা এম আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ...

November 4, 2024 6:13 PM

views 26

উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনৰ সহযোগত নির্বাচনী বিভাগৰ নিৰ্বাচনত নিয়োজিত বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ

অসমৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষ...

November 4, 2024 6:01 PM

views 27

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্রার্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ...

November 4, 2024 6:35 PM

views 36

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ...

November 4, 2024 5:58 PM

views 40

ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছে৷ শ্ৰী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, চ...

November 4, 2024 5:56 PM

views 31

উত্তৰাখণ্ডৰ আলমোৰা জিলাত যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি পুৱা এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাউলিখাল পৰা ৰামনগৰ অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৫১ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি...

November 4, 2024 5:55 PM

views 28

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ'লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্র...

November 4, 2024 5:48 PM

views 22

ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ৩ৰ পৰা ৯ তাৰিখলৈ অসমত পালন কৰি থকা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰীয়ে ভাষা গৌৰৱ সপ্তাহৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে, এই সপ্তাহটো অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দি...