November 4, 2024 7:18 PM

views 15

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আনুষ্ঠানিক নির্দেশনা জাৰি

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আজি আনুষ্ঠানিক নির্দেশনা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰৰ সচিবে আজি এই সন্দৰ্ভত নির্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদ...

November 4, 2024 7:15 PM

views 42

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী সমষ্টিৰ কেইবাটাও অঞ্চলত বিজেপিৰ মনোনীত প্রার্...

November 4, 2024 7:00 PM

views 36

অহা ৯ আৰু ১০ নৱেম্বৰত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র

আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত অহা ৯ আৰু ১০ নৱেম্বৰত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হ'ব। আজি গুৱাহাটী প্ৰেছক্লাবত আয়োজিত এখন সংবাদমেলত আয়োজক সমিতি...

November 4, 2024 6:57 PM

views 44

নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ বৰপেটাৰ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ অভিযান অব্যাহত

বৰপেটা জিলাৰ বিভিন্ন স্থানত নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কলগাছিয়া ৰাজহ চক্ৰৰ খাৰবল্লি, সুথিৰপাথাৰ, আমগুৰিকে ধৰি কেইবাখনো গাঁৱত চলোৱা অভিযানত ভাং খেতি নষ্ট কৰা হয় ৷ বিগত কিছুদিন ধৰি ৰাইজ...

November 4, 2024 6:55 PM

views 42

ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰে হাতত লোৱা ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত চৰ্যাপদৰ পৰা নৱ্য ভাৰতীয় আৰ্য ভাষালৈ অসমীয়া ভাষাৰ দীঘলীয়া পৰিক্ৰমা...

November 4, 2024 6:53 PM

views 24

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ সমাধিস্থলীত ভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কাইলৈ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলীত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা তথা সর্বধর্ম প্রার্থনা অনুষ্ঠান আৰু ১১.৩০ বজাৰপৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। একেদৰে ড° ভূপে...

November 4, 2024 6:46 PM

views 10

লোককৃষ্টিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ জন্ম বার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

লোককৃষ্টিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ আজি জন্ম বার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। এই উপলক্ষে বিভিন্ন অঞ্চলত তেওঁৰ স্মৃতিত বক্তৃতানুষ্ঠান, সংগীতানুষ্ঠান আদিৰ আয়োজন কৰা হয়। ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে গু...

November 4, 2024 6:44 PM

views 24

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক ‘সমাজ বন্ধু’ উপাধিৰে বিভূষিত বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক চহৰখনৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ‘সমাজ বন্ধু’ উপাধিৰে বিভূষিত কৰিছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগতে কৰ্কট ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক এই উপাধি প্ৰদান কৰা হয়। আজি বিদ্যালয়খনত আয়োজি...

November 4, 2024 6:40 PM

views 23

ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনাৰে ডিফু আৱৰ্ত ভৱনত বৈঠক

সমাগত ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি ডিফু আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্তৰ লগতে ডিফু, মাঞ্জা, বকলীয়াঘাট আৰু হাওৰাঘাটৰ ষট পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে পূজা উদযাপন কৰিবলগীয়া স্থানসমূহ মেৰামতি কৰিবলৈ স...

November 4, 2024 6:38 PM

views 42

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত বিশেষ সভা

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত আজি জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত অৱগত কৰে। পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্...