November 6, 2024 12:56 PM

views 37

নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতু নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয...

November 6, 2024 12:53 PM

views 28

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজন কৰা হৈছ...

November 6, 2024 12:50 PM

views 22

অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰৰে গুৱাহাটীত কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰ বিচাৰি আজি গুৱাহাটীত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গৃহসচিবগৰাকীয়ে কালি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইন...

November 6, 2024 12:47 PM

views 40

ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্রাম্পৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ডেম’ক্রেটিক দলৰ কমলা হেৰিছে বৰ্তমানলৈ ২১৪ টা ইলেক্টৰেল ভোট লাভ কৰিছে। উল্ল...

November 6, 2024 10:34 AM

views 36

উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

■ ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত...

November 6, 2024 10:30 AM

views 18

গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ অধিসূচনা বাতিল কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে। এটা প্রকৃতিপ্রেমী স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে তিনি সপ্তাহৰ ভিতৰত চৰকাৰক এই ...

November 6, 2024 10:25 AM

views 20

ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ বৈঠক

■ কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগ...

November 6, 2024 10:19 AM

views 30

নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ...

November 5, 2024 9:04 PM

views 14

আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন

সাংস্কৃতিক মন্ত্রালয়ে বৌদ্ধ ধৰ্মৰ সন্মানার্থে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্ম্মৰ ভূমিকাক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ...

November 5, 2024 9:01 PM

views 23

ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ’ব বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামুদ্রিক অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ আমূল সম্ভাৱনাৰ কথা উল্লেখ কৰি কৈছে যে, ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ'ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।...