November 6, 2024 7:28 PM

views 17

অসম-মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত কেন্দ্রীয় গৃহ সচিবৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰ বিচাৰি আজি গুৱাহাটীত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গৃহ সচিবগৰাকীয়ে কালি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কই...

November 6, 2024 4:20 PM

views 29

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ’ব

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি এই কথা প্ৰকাশ কৰে। যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ৭২ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি পাটন...

November 6, 2024 1:42 PM

views 23

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিবেশনৰ সামৰণি পৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনাইছে যে, সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী ২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত উদযাপন কৰা হ’ব।

November 6, 2024 1:36 PM

views 35

অসম ৰাজ্যিক বিত্ত আয়োগৰ দলৰ ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ সৈতে আলোচনা

অসম ৰাজ্যিক বিত্ত আয়োগৰ এটা দলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত কালি সন্ধিয়া বৰপেটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ জিলা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ হোৱা সমস্যা আৰু বাজেটৰ বিষয়কলৈ এই আলোচনা অনুষ্ঠিত হয়। আলো...

November 6, 2024 1:32 PM

views 37

ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত...

November 6, 2024 1:24 PM

views 20

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি কালি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাধিস্থলত পুৱা...

November 6, 2024 1:21 PM

views 35

প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগতাৰ বাবে চাইবাৰ শাখাৰ বিজ্ঞপ্তি প্রকাশ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ শাখাই চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰাৰ বাবে এখন বিজ্ঞপ্তি প্রকাশ কৰিছে। বিজ্ঞপ্তি অনুসৰি কোনো ধৰণৰ প্রলোভন বা কমিচনৰ আশাত নিজৰ বেংক একাউণ্ট অন্য কোনো ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছ...

November 6, 2024 1:17 PM

views 53

ভাৰত-ভূটানৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব। দুয়োখন ৰাষ্ট্ৰৰ মাজত আন্তঃসম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূবন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সুদৃ...

November 6, 2024 1:09 PM

views 10

আই পি এল, ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব

ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ'ব। ২০২৪ বছৰৰ আই পি এ...

November 6, 2024 12:58 PM

views 57

ষট পূজা উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে।