November 12, 2024 1:13 PM

views 17

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে। নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানত অহা ১৭ নৱেম্বৰৰ নিশা ৯.৩০ বজাত নতুন দিল্লীৰ পৰা হিন্দীত আৰু দেশৰ ৫৯১ টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১ টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰ হ’ব।

November 12, 2024 1:18 PM

views 30

সন্ত্ৰাসবাদী সংগঠন অলকায়দাৰ উপস্থিতি সন্দৰ্ভত নগাঁৱত এন আই এৰ অভিযান, আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা-এন আই এ-য়ে কালি নগাঁও জিলাৰ এটা স্থানত সন্ত্ৰাসবাদী সংগঠন অলকায়দাৰ উপস্থিতি সন্দৰ্ভত সন্দৰ্ভত অভিযান চলায়। কেইদিনমান পূর্বে গোৱালপাৰা জিলাত জইছ-ই-মহম্মদৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতে অনুসন্ধানকাৰী সংস্থাটোৱে কালি এই অভিযান চলায়। অভিযানৰ সময়ছোৱাত বহুতো আপত্তিজনক নথ...

November 12, 2024 1:03 PM

views 33

ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰ...

November 12, 2024 2:06 PM

views 26

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত কাইলৈ হ’বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ বাবে মুঠ ১,০৭৮টা কেন্দ্ৰত ভোটগ্রহণ কৰা হ'ব। ইয়াৰে চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭ট...

November 12, 2024 9:22 AM

views 29

অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমৰ পাঁচটা বিধানসভা সমষ্টিত কাইলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কালি শেষবাৰৰ বাবে ভোটদাতাৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলসমূহে চেষ্টা চলোৱা পৰিলক্ষিত হয়। এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰা...

November 12, 2024 9:20 AM

views 30

দুলীয়াজানত অনুষ্ঠিত অসম গ্ৰন্থমেলাত প্রায় ৪০ লাখ টকাৰ কিতাপ বিক্ৰী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত অসম গ্ৰন্থ মেলাৰ কালি সামৰণি পৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৪০ লাখ টকাৰ কিতাপ বিক্ৰী হয়। সামৰণি অনুষ্ঠানত কালি শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ভ...

November 12, 2024 9:15 AM

views 27

আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস

আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস। এই উপলক্ষে কালি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত থকা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহে প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ প্ৰদৰ্শনৰ ওপৰ...

November 12, 2024 9:10 AM

views 32

শিৱসাগৰৰ হাফলুটিং বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন

শিৱসাগৰ জিলাৰ হাফলুটিং বৰনামঘৰ আৰু কলা-কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ মাধ্যমেৰে আৰম্ভ হ'বলগীয়া ৭০ সংখ্যক মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শ...

November 12, 2024 9:07 AM

views 20

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি অনুষ্ঠিত হ’ব

  ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক গুৱাহাটীত কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলাৰ ওপৰত গ...

November 12, 2024 8:52 AM

views 21

জাপান মাষ্টাৰ্ছ ছুপাৰ-৫০০ বেডমিণ্টনত পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজিৰ পৰা আৰম্ভ হ'বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগতাত অংশগ্ৰহণ কৰিব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত নিজৰ প্ৰথমখন খেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বি বুছানান অংবামৰুংফানৰ মুখামুখি হ’ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন ম...