November 12, 2024 2:50 PM

views 27

জাপান মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজি আৰম্ভ হ’বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত ভাগ ল’ব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী বুছানন অংবামৰুংফানৰ সন্মুখীন হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন মালয়েছিয়াৰ লিয়ন জুন হাওৰ বি...

November 12, 2024 2:38 PM

views 24

মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে। ভাৰতে কালি নিজৰ প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। জাপান আৰু দক্ষিণ ক...

November 12, 2024 2:33 PM

views 28

দেশজুৰি আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ’ পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। সিদিনাখন জাতিৰ পিতা মহাত্মা গান্ধীয়ে আকাশবাণীৰ জৰিয়তে দেশ বিভাজনৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অস্থায়ীভাৱে বস...

November 12, 2024 2:29 PM

views 21

গুৱাহাটীত পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কেন্দ্রীয় মন্ত্রী চি আৰ পাৰ্টিলৰ

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলা বিষয়ক লৈ আলোচনা...

November 12, 2024 2:24 PM

views 27

যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ...

November 12, 2024 2:19 PM

views 28

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্...

November 12, 2024 2:16 PM

views 30

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩ টা সমষ্টিক সামৰি লোৱা হ'ব। নির্বাচনী দলসমূহ সংশ্লিষ্ট কেন্দ্ৰলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা ২২৫ টা কেন্দ্ৰৰ ভিতৰত ১৯৪ টা কেন্দ্ৰত নিৰ্বাচনী দল...

November 12, 2024 2:14 PM

views 38

১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰ...

November 12, 2024 1:35 PM

views 20

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্তৰ বাবে আজি উচ্চ পর্যায়ৰ বৈঠকৰ আহ্বান

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্ত কৰাৰ বাবে আজি সভাৰ এখন উচ্চ পর্যায়ৰ বৈঠক আহ্বান কৰা হৈছে। আনহাতে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হ'বলগীয়া নিৰ্বাচনত তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত দুয়োটা পদৰ বাবে দুজনকৈ...

November 12, 2024 1:25 PM

views 27

গোৱালাপাৰা জিলাত ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

গোৱালাপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত যোৱা ১ নৱেম্বৰৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি থকা হৈছে। কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়...