November 12, 2024 8:08 PM

views 27

উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মধ্যপ্ৰদেশৰ উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন কৰে। অনুষ্ঠানত ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড০ মোহন যাদৱকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত ২০২২-২৩ বৰ্ষৰ বাবে কালিদাস অলংকাৰণ সন্মান প্ৰদান কৰা হয়। ৪ টা শাখাত ৮ গৰাকী পণ্ডিত...

November 12, 2024 7:29 PM

views 17

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অসমীয়াত্বৰ যাত্ৰাত সমন্বয় আৰু স্বকীয়তা শীৰ্ষক বক্তৃতাৰ আয়োজন

দৰং জিলাৰ দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি মহাবিদ্যালয়খনত অসমীয়াত্বৰ যাত্ৰাত সমন্বয় আৰু স্বকীয়তা শীৰ্ষক বক্তৃতাৰ আয়োজন কৰা হয়। বিশিষ্ট চিন্তাবিদ তথা লেখক ময়ূৰ বৰাই প্ৰদান কৰা এই ভাষণত বক্তাগৰাকীয়ে অসমীয়া জাতিসত্বা গঠনৰ ঐতিহা...

November 12, 2024 7:28 PM

views 32

সমাগত ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

সমাগত ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীৰ সত্ৰসমূহৰ লগতে উজনি অসমৰ বিভিন্ন জিলা আৰু নামনি অসমৰ ঠায়ে ঠায়ে ৰাস উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমাৰ মনোৰম পৰিৱেশত পালন কৰা এই ৰাসলীলাৰ প্ৰস্তুতি উপলক্ষে মাজ...

November 12, 2024 7:25 PM

views 36

কাইলৈ ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ

কাইলৈ কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিকে ধৰি আন ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ বাবেও উপ-নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। কাইলৈ ৰাজস্থানৰ ৭টা, পশ্চিমবংগৰ ৬টা, বিহাৰৰ ৪টা, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ আৰু কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব । উত্তৰ ...

November 12, 2024 6:24 PM

views 20

অসম সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে পাঁচ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে আজি ঘোষণা কৰা হৈছে। আজি বিয়লি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন বৈঠকৰ সামৰণিত সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই সভাপতি পদৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে চূড়...

November 12, 2024 6:21 PM

views 15

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত হৈছে। অহা ১৭ নৱেম্বৰৰ নিশা চাৰে ৯ বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দীত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াৰ লগতে দেশৰ ৫৯১টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১টা আঞ্চলিক ভাষাত একে...

November 12, 2024 6:01 PM

views 18

শোণিতপুৰত কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলাৰ তৃতীয় শ্রেণীৰ কৰ্মচাৰীৰ বাবে কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আজি আৰম্ভ হৈছে। অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই চাৰিদিনীয়া কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি উদ্বোধন কৰা হয়। উদ্বোধনী ভাষণত জিলা আয়ুক্ত...

November 12, 2024 6:08 PM

views 14

ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি

 কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কৰ্মশালাখন মুকলি কৰি দিয়া ভাষণত শ্ৰী পাটিলে কয়, যে ভাৰতৰ অৰ্থনীতি জলসম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু জলাশয়সমূহক পুনৰুজ্জীৱিত কৰি তোলা অতি প্রয়োজন। মন্ত্ৰী...

November 12, 2024 5:57 PM

views 17

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৈনিক স্কুলৰ স্মৃতি সৌধৰ শুভ উদ্বোধন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে। মুকলি সভাত তেওঁ কয়, যে সৈনিক স্কুল গোৱালপাৰাই সৈন্য বাহিনীক শক্তিশালী কৰাত যথ...

November 12, 2024 7:16 PM

views 31

কাইলৈ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ

কাইলৈ পুৱা সাত বজাৰ পৰা ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিয়লি ৫ বজালৈকে চলিবলগীয়া এই ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ভোটগ্ৰহণকাৰী দলসমূহ ইতিমধ্যে নিজ নিজ ভোটগ্রহেণ কেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা চামগুৰি বিধ...