November 17, 2024 11:14 AM

views 38

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে প্ৰচাৰ অব্যাহত

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এন ডি এ আৰু ইণ্ডি মিত্রজোঁটৰ শীর্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান...

November 17, 2024 11:09 AM

views 34

আমেৰিকাৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে উৎক্ষেপণ কৰা হব ভাৰতৰ উপগ্রহ GSAT-20

ভাৰতৰ যোগাযোগ উপগ্রহ GSAT-20 আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে আমেৰিকাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে প্রকাশ কৰা মতে স্পেচএক্সৰ ফেলকন-9 নামৰ ৰকেটটোৰ জৰিয়তে ইছৰোৰ GSAT-20 নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হ'ব। উপগ্ৰহটো ১৪...

November 17, 2024 11:04 AM

views 19

দুদিনীয়া ভ্রমণসূচীৰে নাইজেৰিয়াত উপস্থিত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা নাইজেৰিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হ'ব। বিগত ১৭ বছৰত ভাৰতীয় প্রধানমন্ত্রী হিচাপে প্রথম নাইজেৰিয়া ভ্ৰমণ কৰা শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি তিনুবুৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত ...

November 17, 2024 11:00 AM

views 26

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ইম্ফলত সান্ধ্য আইন জাৰি; ইণ্টাৰনেট সেৱা কৰ্তন

মণিপুৰৰ জিৰিবাম জিলাৰ পৰা ছদিন পূর্বে তিনিটি শিশু আৰু তিনিগৰাকী মহিলা সন্ধানহীন হোৱাৰ পাছত শেহতীয়াকৈ আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। শুকুৰবাৰে নিশা আৰু শনিবাৰে মৃতদেহকেইটা নদীত উদ্ধাৰ হোৱাৰ পাছত কালিৰে পৰা মেইটেই লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰ...

November 16, 2024 9:21 PM

views 27

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী মহিলাকে ধৰি পাঁচগৰাকী মাওবাদী নিহত

ছত্তিশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী মহিলাকে ধৰি পাঁচগৰাকী মাওবাদী নিহত হয়৷ চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত বি এছ এফ, এছ টি এফ আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ সন্মিলীত এটা দলে নাৰায়ণপুৰ জিলাৰ অবুজমাদ অঞ্চলত মাওবাদী থকাৰ সম্ভেদ লাভ কৰি অভিযান চলায়। অভিযানত ৫ জন মাওবাদী সন্ত্রাসবাদী গুলীয়াই ...

November 16, 2024 9:03 PM

views 18

প্রাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন, বিত্ত...

November 16, 2024 8:56 PM

views 13

মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰে। মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ বিজেপি কৰ্মীসকলৰ লগত ভার্চুৱেল ব্যৱস্থাৰে বাৰ্তালাপ কৰি কয়, যে মহাৰাষ্ট্...

November 16, 2024 8:17 PM

views 29

মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ গৃহ মন্ত্ৰ্যালয়ৰ

মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ দিয়া হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয় এটা বিবৃতিৰ যোগে কৈছে যে দুয়োটা সম্প্ৰদায়ৰ সশস্ত্র দুষ্কৃতিকৰীয়ে হিংসাত লিপ্ত হৈছে আৰু ইয়াৰ ফলত একাংশ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। হিংসা অথ...

November 16, 2024 8:11 PM

views 30

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকল নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি ডুমকা, দেওঘৰ আৰু গিৰিডিহত নিৰ্বাচনী সভাত ভাষণ দি হেমন্ত চোৰেন চৰকাৰে জনজাতীয় লোকসকলক অকল ভোট বেং...

November 16, 2024 7:30 PM

views 23

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ অমীমাংসিতভাৱে সামৰণি

বৰপেটাত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ আজি অমীমাংসিতভাৱে সামৰণি পৰে। ইয়াৰ ফলত প্রথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ ভিত্তিত ঝাৰখণ্ডে ৩ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অসমে এক পইণ্ট সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু...