November 17, 2024 7:24 PM

views 14

যোৰহাট জিলাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ মানৱ দত্তৰ পথ দুৰ্ঘটনাত মৃত্যু

যোৰহাট জিলাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ মানৱ দত্তৰ আজি এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। যোৰহাট জিলা ক্রীড়া সন্থাৰ পঞ্জীয়নভুক্ত খেলুৱৈ দত্তৰ মৃত্যুৰ পাছতে আজি হ'বলগীয়া এ-ডিভিজনৰ ফুটবল খেলখন বাতিল কৰা হয়। উদীয়মান খেলুৱৈগৰাকীৰ মৃত্যুত জিলা ক্রীড়া সন্থাই শোক প্ৰকাশ কৰে।

November 17, 2024 7:21 PM

views 17

হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ যাদৱেন্দ্ৰ বিশ্বাসৰ ৭৫ বছৰ বয়সত মৃত্যু

বৰপেটা জিলাৰ হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ যাদৱেন্দ্ৰ বিশ্বাসৰ আজি ৭৫ বছৰ বয়সত মৃত্যু হয়। কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বিশ্বাসৰ মৃত্যু হয়। বৰপেটা ৰোডৰ বাবুপাৰাৰ বাসিন্দা বিশ্বাস বি এইচ মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকি পাছলৈ তেও...

November 17, 2024 7:06 PM

views 43

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা - DRDOই কালি ওড়িশাৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰে। সশস্ত্র বাহিনীসমূহৰ বাবে ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ সমৰাষ্ট্ৰ কঢ়িয়াই নিয়াৰ বাবে এই ক্ষেপণাস্ত্র বিকশাই তোলা হৈছে। প্ৰ...

November 17, 2024 7:01 PM

views 26

শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ

শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠিত হ'ব। স্থানীয় সংবাদ মাধ্যমৰ পৰা প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে প্ৰতিৰক্ষা আৰু বিত্ত বিভাগ নিজৰ হাতত ৰাখি ২৩ জনীয়া সদস্যৰে নতুন মন্ত্রীসভা নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ড০ হৰিণী অমৰাসূৰ্য্যাক পু...

November 17, 2024 6:56 PM

views 13

শিৱসাগৰৰ নামতিত অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰত ভাৰোত্তোলক মীৰাবাঈ ছানু সমল ব্যক্তি হিচাপে অংশগ্ৰহণ

শিৱসাগৰ জিলাৰ নামতিত দুদিনীয়া অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰৰ আজি সামৰণি পৰে । এই বাছনি শিবিৰত টকিঅ' অলিম্পিক ৰূপৰ পদকজয়ী ভাৰোত্তোলক মীৰাবাঈ ছানুৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰোত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ৰাজ্যখনৰ তিনিশতাধি...

November 17, 2024 6:50 PM

views 14

মৰিগাঁওৰ আঁহতগুৰিত ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন

মৰিগাঁও জিলাৰ আঁহতগুৰিত আজি ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন কৰা হয়। এই উপলক্ষে প্রয়াত শিল্পীগৰাকীৰ আঁহতগুৰিৰ নিজা বাসভৱনত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই সভাখনত কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক ড° অকুণ্ঠিতা বৰঠ...

November 17, 2024 6:44 PM

views 18

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ চৌহদত স্থানীয় বিধায়ক ৰূপক শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতিষ্ঠা কা...

November 17, 2024 6:38 PM

views 35

বাক্সাৰ জালাহত অসম আৰক্ষীৰ শিশু অধিকাৰ সপ্তাহ ২০২৪ উদযাপন

বাক্সা জিলাৰ জালাহত আজি অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত শিশু অধিকাৰ সপ্তাহ ২০২৪ উদযাপন কৰা হয়। শিমলা আৰক্ষী থানাৰ উদ্যোগত আৰু ডাঃ অনন্ত একাডেমী, জালাহৰ সহযোগত আয়োজিত সভাত শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই ছাত্র-ছাত্রীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ডাঃ অনন্ত একাডেমীৰ অধ্যক্ষ...

November 17, 2024 6:35 PM

views 19

যোৰহাটৰ ম’হবন্ধা এৰালতলিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন

যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰত অহা বছৰৰ ৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা আজি স্থাপন কৰা হয় । লাইখুঁটা স্থাপন উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জিলা আয়ুক্ত উপস্থিত...

November 17, 2024 6:30 PM

views 15

দৰং জিলাৰ বদলিবৰালি গাঁৱত বাঘৰ আক্রমণত এজন লোক আহত

দৰং জিলাৰ খাৰুপেটীয়াৰ উপকণ্ঠৰ বদলিবৰালি গাঁৱত আজি এটা বাঘে এজন লোকক আক্রমণ কৰে। স্থানীয় গাঁওৰক্ষী বাহিনীৰ সদস্য জনোৱা অনুসৰি বাঘৰ আক্ৰমণত আহত হোৱা ওমৰ আলী নামৰ লোকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। খেতিপথাৰত কাম কৰি থকাৰ সময়ত অতর্কিতে বাঘটোৱে লোকজনক আক্ৰমণ কৰে। ইতিমধ্যে বন বিভাগ আৰু ...