November 20, 2024 12:48 PM

views 19

হাতীক কোনো ক্ষতি নকৰাকৈ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে যন্ত্ৰ নিৰ্মাণ

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীক কোনো ক্ষতি নকৰাকৈ পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে শিৱসাগৰ জিলাৰ আমিনুদ্দিন আহমেদ নামৰ লোক এজনে এটা যন্ত্ৰ নিৰ্মাণ কৰিছে। ম'বাইল এলিফেণ্ট পুশ্ববেক মেচিন নামৰ এই যন্ত্ৰটো ২০১৭ চনত নিৰ্মাণ কৰা হৈছিল যদিও ভালেমান প্রযুক্তি ব্যৱহাৰৰ ফলত এতিয়া এই যন্ত্ৰটো অধিক কার্য...

November 20, 2024 12:46 PM

views 15

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব।

November 20, 2024 12:42 PM

views 17

জি এম চি এইছত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা মুকলি মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৩০ কোটি টকা ব্যয়সাপেক্ষে অত্যাধুনিক এম আৰ আই যন্ত্ৰটো স্থাপন কৰা হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ...

November 20, 2024 12:38 PM

views 34

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক জি এছ টি আইন সংশোধনী, কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয়, যে মন্ত্ৰীসভাই ৰা...

November 20, 2024 12:31 PM

views 22

মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণ

কেন্দ্ৰীয় চৰকাৰে মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত ৰাজ্যখনৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে। আজি ৰাজ্যখনৰ পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত পুৱা ৫ বজাৰ পৰা ১০ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে। অৱশ্যে, এই সময়ছোৱাত ৰাজহুৱা স্থানত সমাৱেশ, ধর্ণা, সমদল আদি অনুমতি দিয়া ...

November 20, 2024 11:55 AM

views 11

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেল

ভাৰত আজি বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি ছেমি ফাইনেলত জাপানক ২-০ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ নৱনীত কৌৰে খেলখনৰ ৪৮ মিনিটত পেণাল্টি শ্বটেৰে গল কৰে। লালাৰেমছিয়ামীয়ে ৫৬ মিনিটত দ্বিতীয়টো গ'ল ...

November 20, 2024 11:54 AM

views 24

গোৱাত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৫ সংখ্যক সংস্কৰণ আৰম্ভ

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- আই এফ এফ আইৰ ৫৫ সংখ্যক সংস্কৰণ আজি গোৱাত আৰম্ভ হ'ব। গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্রমোদ সাৱন্তে কালি এই মহোৎসৱ হ'বলগীয়া ড০ শ্যামা প্রসাদ মুখার্জী ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মহোৎসৱ...

November 20, 2024 11:51 AM

views 18

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণো আৰম্ভ হৈছে। বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব।...

November 20, 2024 11:48 AM

views 10

তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গায়ানালৈ ৰাওনা

ৰিঅ' ডি জেনেৰ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে গায়ানা লৈ ৰাওনা হৈছে৷ ১৯৬৮ চনৰ পাছত এয়া হ'ল কোনো এগৰাকী ভাৰতীয় প্রধানমন্ত্ৰীৰ প্ৰথমটো গায়ানা ভ্রমণ। শ্রীমোদীয়ে ভ্ৰমণকালত জর্জটাউনত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীৰ সৈতে ...

November 20, 2024 11:45 AM

views 12

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিক ফণ্টৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

শ্রীমোদী কালি চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিক ফণ্টৰ সৈতেও বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাত ঔষধ, প্রযুক্তি, মহাকাশ আৰু বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে চিলিৰ সৈতে ভাৰতৰ বিভিন্ন খণ্ডত শক্তিশালী সম...