November 20, 2024 11:39 AM

views 27

জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনিৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ কালি ৰিঅ' ডি জেনেৰ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত মিলিত হয়। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা, দক্ষতা, ক্রীড়া, মহাকাশ, জনসাধাৰণৰ মাজৰ...

November 20, 2024 11:35 AM

views 13

বহনক্ষম উন্নয়ন আৰু শক্তি সৰবৰাহ সম্পৰ্কীয় প্ৰথম সত্ৰত প্রধানমন্ত্ৰীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ কালি দ্বিতীয় দিনা বহনক্ষম উন্নয়ন আৰু শক্তি সৰবৰাহ সম্পৰ্কীয় প্ৰথম সত্ৰত ভাষণ দিয়ে। শ্রীমোদীয়ে কয়, যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ সময়ত ৰাষ্ট্ৰগোষ্ঠীটোৱে ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি সামর্থ্য্য তিনি গুণলৈ আৰু শক্তি দক্ষতা দু...

November 20, 2024 11:31 AM

views 12

১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ ব্রাজিলৰ ৰিঅ’ ডি জেনেৰোত সামৰণি

১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ কালি ব্রাজিলৰ ৰিঅ' ডি জেনেৰোত সামৰণি পৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ হাতত অৰ্পণ কৰে। সামৰণি ভাষণত ৰাষ্ট্ৰপতি লুলাই ব্রাজিলৰ অধ্যক্ষতাত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এনে প...

November 19, 2024 8:42 PM

views 23

ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন

ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি বিয়লি দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয়, যে বৰ্তমান ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰস্তুতিৰ কাম চলি আছে আৰু ৩০ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্রকাশ ...

November 19, 2024 8:40 PM

views 17

ছুমি বৰাৰ জামিন নাকচ চি বি আইৰ বিশেষ আদালতৰ

কেন্দ্রীয় অনুসন্ধান সংস্থা তথা চি বি আইৰ বিশেষ আদালতে আজি ট্রেডিং কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছুমি বৰাৰ জামিন নাকচ কৰিছে। দীৰ্ঘদিন ধৰি শুনানিৰ অন্তত আদালতে ছুমি বৰাক জামিন দিবলৈ অস্বীকাৰ কৰে। আনহাতে ট্রেডিং কাণ্ডৰ গোচৰৰ মূল অভিযুক্ত বিশাল ফুকনৰ জামিন আবেদন বর্তমানো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচ...

November 19, 2024 8:39 PM

views 29

স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে আজি শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত কৰে। আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই পুৰস্কাৰসমূহ বিতৰণ কৰে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ২৫ খন পূজা সমিতিক ১০ ...

November 19, 2024 8:37 PM

views 30

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি হোৱা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি যোৱা ২৫ অক্টোবৰৰ পৰা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত আছে। এই পশুধন পিয়লত দেশৰ ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত অৰ্থনৈতিকভাৱে গুৰুত্ব থকা মুঠ ১৬ বিধ জীৱৰ ২১৯টা থলুৱা আৰু বৰ্ণসংকৰ জাতৰ পিয়ল কৰা হ'ব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ৬০৫ খন ৰাজহ চক্ৰৰ ৩২টা ৱাৰ্ড সামৰি প...

November 19, 2024 8:36 PM

views 21

অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে চৰাইদেউ জিলাত ধান আহৰণ প্ৰক্ৰিয়া

চৰাইদেউ জিলাত অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ধান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। সোণাৰীৰ পথালগড়ৰ ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে এহেজাৰ মেট্রিক টন ধান আৰু সাপেখাটিৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাংগণত থকা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ৫০০ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য স্থিৰ কৰিছে। ধান ক্রয় কেন্দ্ৰট...

November 19, 2024 8:34 PM

views 19

বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ

চৰাইদেউ মৈদামথলীত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ হৈছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি আজি পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ এটা ঐতিহ্য যাত্ৰা উলিওৱা হয়। স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছা...

November 19, 2024 8:33 PM

views 20

বঙাইগাঁওত কাইলৈৰ পৰা কুষ্ঠ ৰোগ চিনাক্ত অভিযান

বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে কাইলৈ জিলাখনত কুষ্ঠ ৰোগ চিনাক্ত অভিযান আৰম্ভ কৰিব। জিলাখনৰ আশাকৰ্মীসকলে কাইলৈৰ পৰা অহা ৩ ডিচেম্বৰলৈ নিজ নিজ এলেকাৰ লোকৰ ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগী চিনাক্ত কৰি তেওঁলোকক উপযুক্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব। জিলাখনৰ কুষ্ঠ ৰোগ চিনাক্ত অভিযানৰ ন'ডেল বিষয়া ডাº প্...