November 21, 2024 8:04 PM

views 10

গোৱাত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ উদযাপন

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ গোৱাত কালিৰে পৰা আৰম্ভ হৈছে। ৪১ খন দেশৰ লগতে অন্যান্য খণ্ডৰ ১৮০ খন ছবি এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। প্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতীয় চলচ্চিত্ৰ শিতানত শ্ৰেষ্ঠ নৱাগত পৰিচালক শাখা অন্তৰ্ভুক্ত কৰা হৈছে। এই শিতানত ৫ খন ছবি বাচনি কৰা হৈছে। এই ৫খন ছবিৰ ভিতৰত মণিপ...

November 21, 2024 8:02 PM

views 12

একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকৰ অৱসৰত ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড আষ্টিনে পৰিচালন সমন্বয়, তথ্যৰ আদান-প্ৰদান আৰু ঔদ্যোগিক উদ্ভাৱনৰ ভিত্তিত ভাৰত, আমেৰিকা প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ ভূয়শী প্ৰশংসা কৰিছে। দুয়োগৰাকী নেতা আজি লাওছৰ ভিয়েটিয়ানেট একাদশ আছিয়ান প্ৰতিৰক্ষা ...

November 21, 2024 7:59 PM

views 10

জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব। তেওঁ লগতে গায়েনা আৰু কেৰিবীয় অঞ্চলৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু দেশখনত বাস কৰা ভাৰতীয়মূলৰ এটা সমাৱেশকো সম্বোধন কৰিব। প্ৰধানমন্ত্রী মোদীক সম্প্রতি তিনি দিনীয়া ভ্রমণসূচীৰে গায়েনাত আছে। আমাৰ সংবাদদাতাই জন...

November 21, 2024 7:52 PM

views 28

শনিবাৰৰ দৃষ্টিপাত অনুষ্ঠানত অসম বিধানসভাৰ উপ-নিৰ্বাচন, দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ২৩ নৱেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ-নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। ...

November 21, 2024 7:48 PM

views 12

মানকাচৰত হত্যা কৰাৰ অভিযোগত ১৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

২০২১ চনৰ ১৩ মে’ত মানকাচৰৰ পুৰাণদিয়াৰা গাঁৱত দুজন লোকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত, ১৪ জন লোকক আজি হাটশিঙিমাৰীৰ জিলা আৰু ছেচন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। জিলা আৰু ছেচন ন্যায়াধীশ সঞ্জয় হাজৰিকাই তিনি বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত যোৱা মঙলবাৰে এই লোককেইজনক দোষী সাব্যস্ত কৰিছি...

November 21, 2024 7:44 PM

views 8

কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণৰ বাবে জাননী জাৰি

অসম চৰকাৰে কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণ কৰি জাননী জাৰি কৰিছে। অসম মন্ত্রীসভাই এই নতুন নামকৰণ সন্দৰ্ভত অলপতে সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদনমৰ্মে আজি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে পৰহি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কৰিমগঞ্জৰ সম...

November 21, 2024 7:40 PM

views 13

চৰাইদেউ মৈদামথলীত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন

চৰাইদেউ মৈদামথলীত পৰহিৰেপৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন কৰা হৈছে। অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আয়োজিত এই কার্যসূচী উপলক্ষে প্রতিদিনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আজি চৰাইদেউ মৈদামত উপ...

November 21, 2024 7:21 PM

views 19

অসম বিধানসভাৰ নতুন চৌহদত প্ৰাচীন অসমৰ কীৰ্তি দৰ্শাই নিৰ্মিত স্তম্ভ মুকলি

অসম বিধানসভাৰ নতুন চৌহদত প্ৰাচীন অসমৰ কীৰ্তি দৰ্শাই নিৰ্মাণ কৰা আকৰ্ষণীয় স্তম্ভ, কমাণ্ড এণ্ড কন্ট্রোল চেণ্টাৰ, ডিজিটেল কৰ্ডিৰ আৰু কেফেটৰীয়া আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রাচীন কছাৰী ৰাজ্যৰ সুন্দৰ কাৰুকাৰ্য খোদিত আৰু সমৃদ্ধ ইতিহাস বহন কৰা শিলৰ এই স্তম্ভৰ ...

November 21, 2024 6:29 PM

views 16

২৭ ডিচেম্বৰত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিত...

November 21, 2024 6:26 PM

views 15

দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা অহা দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ প্ৰৱেশপত্ৰ প্ৰাৰ্থীসকললৈ ইতিমধ্যে ই-মেইলযোগে প্ৰেৰণ কৰা হৈছে। প্ৰৱেশ পত্ৰ নোপোৱা প্ৰাৰ্থীসকলে কাইলৈৰ ভিতৰত কেন্দ্ৰলৈ আহি ব্যক্তিগতভাৱে প্ৰৱেশপত্র সংগ্ৰহ কৰিব পাৰিব বুলি আকাশবাণীৰ এখন ...