November 22, 2024 12:08 PM

views 11

নগাঁৱৰ কলিয়াবৰত শিলগুটি দলিয়াই এটা বাঘ আহত কৰা ঘটনাত জড়িত ৯জন লোকক আটক

নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা কালি পিঞ্জৰাবদ্ধ কৰা বাঘটোক কলং নৈৰ পাৰত আশ্ৰয় লৈ থকা অৱস্থাত শিলগুটি দলিয়াই আহত কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৱানিশা ৯ জন লোকক আটক কৰে। ঘটনাটোৰ ভিডিঅ' ফুটেজৰ আধাৰত চিনাক্ত কৰা এনে একাংশ লোকৰ বাসগৃহত কালি আৰক্ষীয়ে অভিযান চলায়।...

November 22, 2024 12:06 PM

views 15

আকাশবাণী গুৱাহাটীত কাইলৈ নিশা ৮.০২ বজাত বিধানসভাৰ উপ-নির্বাচন আৰু দুখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ-নির্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানটো...

November 22, 2024 12:05 PM

views 13

কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অহা দেওবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা অহা দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ প্ৰৱেশপত্র প্রার্থীসকললৈ ইতিমধ্যে ই-মেইলযোগে প্ৰেৰণ কৰা হৈছে। প্ৰৱেশপত্ৰ নোপোৱা প্ৰাৰ্থীসকলে আজিৰ ভিতৰত কেন্দ্ৰলৈ আহি ব্যক্তিগতভাৱে প্ৰৱেশপত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি আকাশবাণীৰ...

November 22, 2024 12:04 PM

views 13

এখন সর্বাত্মক সমাজ গঢ়ি তোলাৰ বাবে গণতন্ত্ৰতকৈ ডাঙৰ কোনো আহিলা নাইঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সর্বাত্মক সমাজ গঢ়ি তোলাৰ বাবে গণতন্ত্ৰতকৈ ডাঙৰ কোনো আহিলা নাই বুলি প্ৰকাশ কৰিছে। গায়েনাৰ সংসদ নেচনেল এছেম্বলীৰ বিশেষ অধিৱেশনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বিশ্ব আগবঢ়াই নিয়াৰ বাবে গণতন্ত্ৰ প্ৰথম, মানৱতা প্ৰথম সবাতোকৈ শক্তিশালী মন্ত্র।...

November 22, 2024 12:01 PM

views 7

গায়েনাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয় পৰিদৰ্শন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গায়েনাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয় পৰিদৰ্শন কৰে ৷ এই উপলক্ষে শ্রীমোদীয়ে দুই দশকৰো পূৰ্বে বিদ্যালয়খন ভ্ৰমণৰ কথা সোঁৱৰে আৰু স্বামী আকাশৰানন্দ আৰু তেওঁৰ দলে শিক্ষাৰ্থীৰ মাজত পৰম্পৰাগত ভাৰতীয় মূল্যবোধ আৰু সংস্কৃতিৰ বীজ সিঁচি দিয়াৰ লগতে সামগ্রিক শিক্ষাৰ দিশতো...

November 22, 2024 12:00 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত ভাৰতৰ যাত্ৰাক পৰিসৰ, গতি আৰু বহনক্ষমতাৰ যাত্ৰা বুলি অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত ভাৰতৰ যাত্ৰা পৰিসৰ, গতি আৰু বহনক্ষমতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। গায়েনাৰ জৰ্জটাউনৰ ৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰত ভাৰতীয় মূলৰ লোকসকলৰ এটা সমাৱেশ সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০১৪ চনত ভাৰত বিশ্বৰ দশম সৰ্ববৃহৎ অর্থ ব্যৱস্থা আছিল আৰু ...

November 22, 2024 11:59 AM

views 21

পাকিস্তানত যাত্রীবাহী বাহনত বন্দুকধাৰীৰ গুলীচালনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫লৈ বৃদ্ধি

পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ কুৰ্ৰম জিলাত কালি যাত্রীবাহী বাহনক লক্ষ্য কৰি বন্দুকধাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫ লৈ বৃদ্ধি পাইছে। এই ঘটনাত অন্য ২০জন লোক আহত হৈছে। পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী মোহছিন নাকভিয়ে আফগানিস্তান সীমান্তৱৰ্তী জিলাখনত সংঘটিত আক্ৰমণত ...

November 22, 2024 11:57 AM

views 12

চাইনা মাষ্টাৰ্ছ প্রতিযোগিতাত আজি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰছ এণ্টনছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতৰ লক্ষ্য সেন

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন আজি চলিত বৰ্ষৰ চাইনা মাষ্টাৰ্ছ প্রতিযোগিতাৰ শ্বেনজেনত হ'বলগীয়া পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰছ এণ্টনছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি ডেনমার্কৰ ৰাছমাছ গেমকেক ২১-১৬, ২১-১৮ গেমত পৰাস্ত কৰি কো...

November 21, 2024 8:14 PM

views 18

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে আজি বিয়লি দ্বিতীয় ৰাউণ্ডৰ এখন খেলত জাৰ্মানীৰ ৰাছমুছ গেমকেক ২১-১৬, ২১-১৮ গেমত পৰাস্ত কৰে। ভাৰতৰ ছিৰাগ ছেটী আৰু ছাত্বিকছাইৰাজ ৰনকীৰেড্ডীৰ যুটীটোৱেও ডেনমাৰ্কৰ ৰা...

November 21, 2024 8:07 PM

views 18

পাকিস্তানত যাত্রীবাহী বাহনক লক্ষ্য কৰি বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীবর্ষণ

পাকিস্তানৰ উত্তৰ-পশ্চিম প্রান্তৰ খাইবাৰ পাখটুনখ্ৰৱা প্ৰদেশৰ এটা জনজাতীয় অধ্যুষিত এলেকাত আজি কেইজনমান বন্দুকধাৰীয়ে যাত্রীবাহী বাহনক লক্ষ্য কৰি চলোৱা নিৰ্বিচাৰ গুলীবর্ষণৰ ঘটনাত কমেও ৩৮ জন লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ২৯ জন আহত হয়। প্ৰদেশখনৰ মুখ্য সচিব নদীম অছলম চৌধুৰীয়ে প্ৰকাশ কৰা মতে জনজাতীয় অধ্য...