December 7, 2024 12:25 PM

views 15

গুৱাহাটী মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অনমোল খৰবে

ভাৰতৰ উদীয়মান খেলুৱৈ অনমোল খৰবে তীব্ৰ চাপৰ মাজতো ধৈৰ্য প্ৰদৰ্শন কৰি কালি গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়নৰ থাইলেণ্ডৰ লালিনৰত চাইৱানক পৰাভূত কৰে। অনমোলে দ্বিতীয় গেমত ১১-১৬, ১৬-২০ ফলাফলৰ পৰা প্ৰত্যাৱৰ্তন কৰি দুটাকৈ মেচ পইণ্ট অৰ্জন কৰে...

December 6, 2024 9:13 PM

views 13

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু সৰ্বানন্দ সোণোৱালক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভাণ্টেজ আছাম ২০২৫ ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্রীয় বিত্তমন্ত্রী শ্রীমতী সীতাৰমণক আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ম...

December 6, 2024 9:11 PM

views 8

ৰাজ্যৰ ৫গৰাকী ব্যক্তিলৈ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৰিৱেশ মিত্ৰ সন্মান

ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ৫ গৰাকী ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান আগবঢ়াইছে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশ্ব প্রকৃতি নিধি ভাৰতৰ প্ৰতিষ্ঠাপক সদস্য সচিব ড০ অনিল কুমাৰ গোস্বামীলৈ পৰি...

December 6, 2024 9:10 PM

views 14

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তে অলপতে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ ৯টা মূল বিষয়বস্তুৰে সমৃদ্ধ শিশু অনুকূল পঞ্চায়ত শিতানত মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে প্রথম স্থান লাভ কৰিবলৈ...

December 6, 2024 9:08 PM

views 18

গুৱাহাটীৰ কৰ ভৱনত ছেমি কণ্ডাক্টৰ সন্মিলন

গুৱাহাটীৰ কৰ ভৱনত আজি ছেমি কণ্ডাক্টৰ সন্মিলন অনুষ্ঠিত হয়। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে অনুষ্ঠিত এই সন্মিলনত দেশ-বিদেশৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ৰাজ্যৰ ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত কৰিব লগা বিভিন্ন ক্ষেত্ৰৰ কামৰ বিষয়ে পর্যালোচনা কৰা হয়। ...

December 6, 2024 9:07 PM

views 5

উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ বৈঠক

পৰহিলৈ হ’বলগীয়া উপ-ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সভাপতিত্ব কৰি জিলা আয়ুক্ত সুমিত ছাত্তাৱানে সকলোকে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পলিঅ' প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ৫ বছৰৰ অনূৰ্...

December 6, 2024 9:06 PM

views 10

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা ১৩ ডিচেম্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা ১৩ ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আজি ন্যাসৰ সভাপতি ৰাণা প্রতাপ কলিতাই এই কথা প্রকাশ কৰে। এই সাহিত্য উৎসৱত আলোচনা চক্ৰ, লেখক-সা...

December 6, 2024 9:04 PM

views 15

ৰাজ্যৰ ভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৬২ সংখ্যক দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৬২ সংখ্যক দিৱস আজি উদযাপন কৰা হয়। গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইতীৰ কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত গৃহৰক্ষী বাহিনী দিৱসত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্য আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে অংশগ্ৰহণ কৰে...

December 6, 2024 9:02 PM

views 9

শিখ গুৰু টেগবাহাদুৰৰ ৩৬৮সংখ্যক ছহিদী উপলক্ষে ধুবুৰীত নগৰ সংকীৰ্তন

শিখ গুৰু টেগবাহাদুৰৰ ৩৬৮সংখ্যক ছহিদী উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু টেগ বাহাদুৰ চাহিবজী গুৰুদ্বাৰৰ পৰা আজি ধুবুৰী নগৰৰ মাজেৰে এটা নগৰ সংকীর্তন উলিওৱা হয়। সম্পূর্ণ ধর্মীয় পৰম্পৰাৰে এখন পুষ্পসজ্জিত বাহনেৰে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্রন্থ গুৰুগ্ৰন্থ চাহিব লৈ উলিওৱা এই শোভাযাত্রা দেশৰ বিভিন্ন প্ৰান্তৰ পৰ...

December 6, 2024 9:00 PM

views 10

দ্বিতীয় ক্রিকেট টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ ৮৬ ৰান সংগ্ৰহ

এডেলেইডত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনান্তত এক উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰিছে। আজি ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় যদিও মিছেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ সমুখত দ্রুত গতিত উইকেট ...