শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা ১৩ ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আজি ন্যাসৰ সভাপতি ৰাণা প্রতাপ কলিতাই এই কথা প্রকাশ কৰে। এই সাহিত্য উৎসৱত আলোচনা চক্ৰ, লেখক-সাহিত্যৰ অনুষ্ঠান, কর্মশালা, প্রদর্শনী, গ্রন্থ উন্মোচন, বহুভাষিক কবি সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য অধ্যাপক মালিনী গোস্বামী, স্তম্ভ লেখক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জে সাই দীপককে ধৰি বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি ন্যাসৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | December 6, 2024 9:06 PM | guwahati pragjyotishpur sahitya utsav
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা ১৩ ডিচেম্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ