December 11, 2024 12:55 PM

views 18

পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলৰ শীর্ষস্থান দখল

ওড়িশাৰ পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নলবাৰী জিলাৰ আঠগৰাকী খেলুৱৈয়ে মুঠ ১৪টা পদক অর্জন কৰিছে। ৰণবীৰ তালুকদাৰে দুটা সোণ, ৰূপজ্যোতি তালুকদাৰে এটা সোণ আৰু এটা ব্ৰঞ্জ, হৰ্ষিত বৰুৱাই এটা ব্রঞ্জ, ছয়নিকা দে...

December 11, 2024 12:53 PM

views 18

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা ৩ দিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই খেল মহাৰণ প্ৰতিযোগিতাত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰায় ২ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভৱানীপুৰৰ বিধায়কে হাতত অগ্নিশিক্ষা লৈ কালি খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

December 11, 2024 12:50 PM

views 21

হংকঙত চলি থকা বিশ্ব স্কোৱাচ চেম্পিয়নশ্বিপ ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় মহিলা দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় মহিলা দলটো আজি চীনৰ হংকঙত চলি থকা বিশ্ব স্কোৱাচ চেম্পিয়নশ্বিপ ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোৱে কালি ইটালীক ৩-০ পইণ্টত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছিল। ভাৰতৰ আকাংক্ষা চলুংখে, অনাহাতে সিং আৰু নিৰূপমা ডুবেই তেওঁলোকৰ খেলত জয়লা...

December 11, 2024 12:48 PM

views 22

বতৰৰ বতৰাঃ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বতৰৰ বতৰাঃ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৪.৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৪.৮ ডি...

December 11, 2024 12:41 PM

views 30

মঙলবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰেপৰা দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অগ্নি নির্বাপন, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰ...

December 11, 2024 10:39 AM

views 30

ছিৰিয়াৰ পৰা ৭৫ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ ব্যৱস্থা ভাৰতৰ

ছিৰিয়াত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পাছত কেন্দ্ৰীয় চৰকাৰে কালি ৭৫ গৰাকী ভাৰতীয় নাগৰিকক দেশখনৰ পৰা ওভতাই অনাৰ ব্যৱস্থা কৰে। এই লোকসকলৰ ভিতৰত ছায়েদা জেনাবত আৱদ্ধ হৈ থকা ৪৪গৰাকী জম্মু-কাশ্মীৰৰ বাসিন্দা। দেশখনত আবদ্ধ হৈ থকা সকলো ভাৰতীয়ই ইতিমধ্যে নিৰাপদে লেবানন সীমান্ত অতিক্ৰম কৰিছে আৰু বাণিজ্যি...

December 11, 2024 10:35 AM

views 35

২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি

নাগালেণ্ডৰ কিচামা গাঁৱত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আৰু মহোৎসৱৰ আয়োজক টেমজেন ইন্নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ লগতে অভ্যাগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কালি...

December 11, 2024 10:33 AM

views 16

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিংযোগে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে মত-বিনিময় কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি দেশৰ মুঠ ৫১টা কেন্দ্ৰত আৰম্ভ হ'বলগীয়া হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভার্চুৱেল ব্যৱস...

December 11, 2024 10:31 AM

views 20

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত...

December 11, 2024 10:29 AM

views 25

আজিৰে পৰা সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা অহা ১২ দিনলৈ শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ ১২ ...