December 11, 2024 2:03 PM

views 34

ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ ৰিজিজু

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময...

December 11, 2024 1:53 PM

views 26

হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ চীনে আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ আমেৰিকাই হংকঙৰ প্ৰশাসনিক আৰু চৰকাৰী বিষয়াসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিক্ৰিয়াৰূপে বেইজিঙত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰগৰ...

December 11, 2024 1:49 PM

views 28

মহম্মদ অল-বছিৰক ছিৰিয়াৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ভাৰপ্ৰাপ্ত প্রধানমন্ত্ৰী হিচাপে নিযুক্তি

ছিৰিয়াত মহম্মদ অল-বছিৰক অন্তৱৰ্তীকালীন চৰকাৰৰ ভাৰপ্ৰাপ্ত প্রধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। টেলিভিছনযোগে দিয়া এটা বাৰ্তাত বছিৰে কয় যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি বছাৰ অল-আছাদক উৎখাত কৰা প্ৰাক্তন বিদ্রোহীসকলৰ সমৰ্থনত তেওঁ অহা বছৰৰ ১ মার্চ পর্যন্ত এই অন্তৱৰ্ত্তীকালীন শাসনৰ নেতৃত্বত দিব। ডামাস্...

December 11, 2024 1:46 PM

views 18

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বৰ উদ্ধৃতি দি কয় যে নতুন দিল্লীয়ে সদায় ৰাছিয়াৰ বন্ধুসকলৰ কাষত থিয় দি আহিছে। এটা বিবৃতিযোগে প্ৰতিৰক্ষা মন্ত্ৰালয়...

December 11, 2024 1:36 PM

views 23

সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যুটীয়া অভিযানত মাদক দ্ৰব্যসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি এজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে বুলি প্ৰকাশ কৰিছে। ধৃত লোকজনৰ বিৰুদ্ধে সৰ্থেবাৰীৰ থানাত আৰক্ষীয়ে ...

December 11, 2024 1:30 PM

views 25

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ’ব

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ শাখা স্বাস্থ্য অভিযানৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হ'ব। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কালি এখন সংবাদ...

December 11, 2024 1:28 PM

views 34

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছে। পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী...

December 11, 2024 1:23 PM

views 27

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্রাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্রাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'বলগীয়া মালহোত্রাই সম্প্রতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লে...

December 11, 2024 1:20 PM

views 32

শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত অভিযুক্তক চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়

চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশে কালি এটি কন্যা শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত চলোৱা গোচৰত অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। অভিযুক্ত জিলাখনৰ বাসুগাঁও চহৰৰ ব্যৱসায়ী বাবুল দাসক কালি আদালতে কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে। উল্লেখযোগ্য যে চলিত বছৰৰ ২ মাৰ্চত ব...

December 11, 2024 1:18 PM

views 36

মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ

মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ অনুষ্ঠিত হৈছে। শুকুৰবাৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়া, নেপাল, কাজাখাস্তান আৰু ইন্দোনেছিয়াৰ পাইলটসকলে অংশগ্ৰহণ কৰাৰ কথা। ৰাজ্যখনৰ জলপুই অৱতৰণক্ষেত্ৰত হ'বলগীয়া সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ...