December 11, 2024 8:11 PM

views 9

ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ১৮ বছৰ বয়সৰ তলৰ সকলো ল'ৰা-ছোৱালীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।...

December 11, 2024 8:09 PM

views 12

গুৱাহাটীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯.৫ গ্রাম হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ

বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে আজি গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯ দশমিক ৫ গ্রাম হেৰ’ইন জব্দ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। টাস্ক ফ’ৰ্চে এই ঘটনা সংক্ৰান্তত নুৰুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

December 11, 2024 8:08 PM

views 12

সংসদৰ উভয় সদনত বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ তুমুল বাক-বিতণ্ডা, উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে লোকসভাৰ কাম-কাজ কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ ম...

December 11, 2024 8:06 PM

views 11

মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ৮৩ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ

পাৰ্থত অনুষ্ঠিত মহিলা ক্রিকেটৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ৮৩ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই শৃংখলাটোৰ তিনিওখন খেলতে জয়লাভ কৰি অপ্ৰতিৰোধ্য হৈ থাকে। ভাৰতে ২৯৯ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ এটা বলত আটাইকেইটা উইকেট ২১৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ স্মৃতি...

December 11, 2024 2:47 PM

views 26

আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে

আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথন আজি পুৱা সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ ড° টি জি সীতাৰামে উদ্বোধন কৰে। হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি দেশৰ মুঠ ৫১টা কেন্দ্ৰত হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভার্চুৱেল ...

December 11, 2024 2:33 PM

views 25

নেপাল পর্যটন ব’ৰ্ডৰ সহযোগত কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন

কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পর্যটন ব'ৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ প্ৰচাৰ আৰু ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিক পৰ্যটন ব্যৱস্থাক লাভান্বিত কৰিবলৈ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেপাল চৰকাৰৰ সাংস্কৃ...

December 11, 2024 2:27 PM

views 27

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু, ৭০ জন লোকক আটক

বাংলাদেশত যোৱা ৫ আগষ্টৰ পৰা ২২ অক্টোবৰৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু কৰা হৈছে আৰু এই সন্দৰ্ভত ৭০ জন লোকক আটক কৰা হৈছে। দেশখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰেছ সচিব ছফিকুল আলমে কালি ঢাকাত এই কথা সদৰি কৰে। ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰীৰ ঢাকা ভ্ৰমণ...

December 11, 2024 2:23 PM

views 12

তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্রমনিয়া ভাৰতীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্রমনিয়া ভাৰতীৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে সুব্রমনিয়া ভাৰতী এগৰাকী দূৰদৰ্শী কবি, লেখক, স্বাধীনতা যুঁজাৰু আৰু সমাজ সংস্কাৰক আছিল, যাৰ শব্দই অগণন লোকৰ মনত দেশপ্ৰেম...

December 11, 2024 2:18 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মু, প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰো এটা পোষ্টত প্রধানমন্ত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক দক্ষ ৰাজনীতিক সু-প্ৰশাসক আৰু জ্ঞানৰ ভাণ্ড...

December 11, 2024 2:14 PM

views 40

সদনত সহমত গঢ়ি উঠিলে কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালনাৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ চৰকাৰ সাজুঃ অশ্বিনী বৈষ্ণৱ

সদনত সহমত গঢ়ি উঠিলে কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালনাৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় ইলেক্‌ট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী বৈষ্ণৱে কয়, যে অভিব্যক্তি, স্বাধীনতা আৰু নৈতিকতা আধাৰিত কৃত্রিম বুদ্ধিমত্তা স...