December 13, 2024 10:46 AM

views 24

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ বিশ্ব দবা ইতিহাসৰ সর্বকনিষ্ঠ দবা চেম্পিয়ন হিচাপে পৰিগণিত

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডন্মাৰাজু গুকেশ বিশ্ব দবা ইতিহাসৰ সর্বকণিষ্ঠ দবা চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। ছিংগাপুৰত অনুষ্ঠিত অষ্টাদশ এফ আই ডি ই বিশ্ব দবা চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেণক পৰাস্ত কৰি গুকেশে এই কৃতিত্ব অর্জন কৰে। খেলখন প্রায় ৫ ঘণ্টা জুৰি অনুষ্ঠিত হয়। প্রতিযোগিতাখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে...

December 13, 2024 10:43 AM

views 10

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন

শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। এই সাহিত্য উৎসৱত আলোচনা চক্র, লেখক সাহিত্যিকৰ বাৰ্তালাপ, কর্মশালা, প্রদর্শনী, বহুভাষিক কবি সন্মিলনকে ধৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত...

December 13, 2024 10:40 AM

views 24

১৭ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভুটান ভ্ৰমণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১৭ ডিচেম্বৰত ভাৰতৰ প্ৰতিবেশী দেশ ভুটানলৈ যাব। ড০ শৰ্মাই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ কালত গুৱাহাটীৰ পৰা ভূটানৰ গেলেপুলৈকে ৰে'লপথ নিৰ্মাণৰ অভিলাষী প্ৰস্তাৱিত আঁচনিখন ৰূপায়ণৰ ৰূপৰেখা তৈয়াৰ কৰা...

December 13, 2024 10:33 AM

views 12

অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে মুঠ ৩৫টা প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন

উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগ আঁচনিৰ অধীনত অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে মুঠ ৩৫টা প্ৰকল্পত অনুমোদন জনাইছে। অনুমোদিত ৩৫টা প্ৰকল্পৰ ভিতৰত অসমত সাতটা প্ৰকল্প ৰূপায়ণ হ'ব। এই প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৪০ কোটি টকা ধা...

December 13, 2024 10:26 AM

views 23

দিল্লী বিধানসভাৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ

দিল্লী বিধানসভাৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দিল্লী কংগ্ৰেছৰ অধ্যক্ষ দেৱেন্দ্ৰৰ যাদৱে বাদলি, সন্দীপ দিক্ষীতে নতুন দিল্লী, হাৰুন য়ুছুফে বাল্লিমৰাণ, ৰাগিনী নায়কে ৱাজিৰপুৰ, আব্দুল ৰহমানে ছিলমপুৰ...

December 13, 2024 10:18 AM

views 26

লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত

লোকসভাত কালি দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত হয়। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি এম এ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এছ ডি এম এৰ কাম-কাজসমূহ অধিক সূচল কৰি তুলিব। এই বিধেয়কখনে ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিত...

December 13, 2024 10:10 AM

views 17

সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বত আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত কালি ভাৰতীয় সামুদ্রিক ঐতিহ্য সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীসোণোৱালে বন্দৰৰ কাম-কাজৰ পৰা আৰম্ভ কৰি ...

December 13, 2024 10:07 AM

views 20

নতুন দিল্লীত ভাৰত আৰু ইউ এ ইৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র- ইউ এ ইৰ বিদেশ মন্ত্ৰী শ্বেইখ আব্দুলা বিন জায়েদ বিন চুলতান অল নাহয়ানে আজি নতুন দিল্লীত দেশ দুখনৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠকত সহ অধ্যক্ষতা কৰিব। দুয়োগৰাকী নেতাই কালি নতুন দিল্লীত উভয় দেশৰ চতুৰ্থ কৌশলগত আলোচনাত সহ অধ্যক্ষতা কৰে। ...

December 13, 2024 10:00 AM

views 10

মহাকুম্ভ মেলাৰ পূৰ্বে প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰীৰ ৭০০০ কোটি টকাৰ প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলাৰ পূৰ্বে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে ৭ হাজাৰ কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ভালেমান উন্নয়নমূলক প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহৰ ভিতৰত ১০ খন নতুন উৰন সেঁতু, নদী ঘাট, নদীৰ দাঁতিৰ পথ আদি সামৰি লোৱা হৈছে। এই প্রকল্পসমূহে ...

December 12, 2024 8:37 PM

views 32

প্ৰচণ্ড কুঁৱলীৰ বাবে কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল, সময়ৰ সালসলনি

ভাৰতীয় ৰে'লৱেই প্ৰচণ্ড কুঁৱলীৰ ফলত ৰে'লপথৰ দৃশ্যমানতা কমি যোৱাৰ বাবে উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতলৈ চলাচল কৰা কেইবাখনো ৰে'লগাড়ীৰ চলাচল বাতিল অথবা সময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত চলাচল কৰা চণ্ডীগড় এক্সপ্ৰেছ ৰে'লগাড়ী দুখন অহা ২৮ ফেব্ৰুৱাৰীলৈকে বাতিল কৰা হৈছে। সেইদৰে ...