December 19, 2024 5:16 PM

views 28

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সন্ত্রাসবাদ বিৰোধী অভিযানত আজি পুৱা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত হয়। সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা দুজন সেনা জোৱানক চিকিৎ‍সাৰ বাবে প্ৰেৰণ কৰা হৈছে। এটা বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত যোৱা নিশ...

December 19, 2024 5:14 PM

views 30

অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে কেন্দ্ৰীয় পথ আৰু আন্তঃগাথনি নিধিৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৯ টা ৰাজ্যিক জিলা পথ উন্নয়ন প্ৰকল্পৰ বাবে এই পুঁজি মোকলাই দিয়া হৈছে। ইয়াৰ জৰিয়তে সীমান্...

December 19, 2024 5:07 PM

views 37

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ এই প্ৰস্তাৱিত সমিতিত ২১ জন লোকসভাৰ সদস্য আৰু ১০ জন ৰাজ্যসভাৰ সদস্য থাকিব৷ এই সাংসদসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, পৰশোত্তমভাই ৰূপালা, কংগ্ৰেছ নেতা প্ৰিয়ংকা গ...

December 19, 2024 4:30 PM

views 34

শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্যৰ প্ৰতিবাদৰ মাজত সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত

শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্য উভয়ে পৰস্পৰৰ বিৰুদ্ধে সুকীয়াকৈ কৰা প্ৰতিবাদৰ মাজতে আজি সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত হয়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাৰংগীয়ে কয় যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ঠেলি দিয়া এগৰাকী সাংসদ অতর্কিতে গাৰ ওপৰত পৰি যোৱাত তেওঁ আহত হয়। স...

December 19, 2024 4:12 PM

views 26

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সাংসদসকলৰ সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপি সাংসদসকলে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ সদস্যসকলে প্লেকার্ড লৈ বিৰোধীৰ বিৰুদ্ধে শ্লোগান দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে নেহৰু-গান্ধী পৰিয়ালে সদায় ডাঃ আম্বেদকাৰৰ...

December 19, 2024 3:48 PM

views 30

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদ...

December 19, 2024 12:57 PM

views 28

আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় স্থান অক্ষুন্ন

ব্ৰীছবেন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় স্থান অক্ষুন্ন আছে। দক্ষিণ আফ্রিকা পইণ্ট তালিকাৰ শীৰ্ষত আৰু অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দ্বিতীয়টো দলৰূপে ফাইনেলত প্ৰৱেশ কৰিবলৈ অষ্ট্ৰেলিয়...

December 19, 2024 12:55 PM

views 20

অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত চাঁচ অভিযান আৰম্ভ

দেশৰ পাঁচ বছৰৰ তলৰ শিশুক নিউমোনিয়া ৰোগৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে যোৱা ১২ নৱেম্বৰৰ পৰা অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত চাঁচ (SAANS) অভিযান আৰম্ভ কৰা হৈছে। শিশুৰ দেহত নিউমোনিয়াৰ লক্ষণসমূহ প্ৰত্যক্ষ কৰিলে শিশুটিক নিকটতম স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যাবলৈ স্বাস্থ্য বিভাগে আ...

December 19, 2024 12:54 PM

views 33

ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ লয়। এই সময়ছোৱাত দ্রুক হ’ল্ডিং এণ্ড ইনভেষ্টমেন্ট লিমিটেডে পৰিৱেশ সংৰক্ষণৰ লগতে অর্থনৈতিক উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা ভূমিকাৰ বিষয়েও উদ্যোক্তাসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী...

December 19, 2024 12:53 PM

views 17

ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত

ৰাজ্যত প্ৰথমবাৰৰ বাবে কালি ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত কৰি ইয়াৰ গতিবিধি নিৰীক্ষণৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে। পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰাজ্যৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত এই প্ৰক্ৰিয়া আৰম্ভ কৰে। কুলশী ...